ডিব্ৰুগড়, 23 অক্টোবৰ: ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ মাজৰ চাৰখলীয়া চাপৰিত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ ছয় জন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। ডিব্ৰুগড় আৰু ধেমাজি আৰক্ষীৰ যুটীয়া অভিযানত 'টিএমপিকে'ৰ লাইমেকুৰী আঞ্চলিক সমিতিৰ সভাপতি জীতেন্দ্ৰ পাদুন,সম্পাদক জয়ন্ত টায়ে আৰু ঘটনাটোৰ লগত জড়িত বৰং গাঁৱৰ বাসিন্দা ধনেছ কুটুম,ৰঞ্জন কুলী,ধুলানাথ মিলি আৰু বিকোদৰ দলেক চিলাপথাৰ আৰু জোনাইত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত জোনাইত এটা আৰক্ষীৰ দলে উক্ত ঘটনাৰ পাছৰে পৰা জোনাইত বাহৰ পাতি অভিযুক্ত কেইজনৰ সন্ধান চলাই আছিল। কিন্তু বৰ্তমানেও 'টিমপিকে'ৰ ধনদাবী কৰা আন কেইজন অভিযুক্ত বিষয়াক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।
ডিব্ৰুগড়ৰ চাৰখলীয়া চাপৰিৰ আক্ৰমণ ঘটনাৰ ছয়জন অভিযু্ক্তক গ্ৰেপ্তাৰ - টিএমকে'ৰ লাইমেকুৰী আঞ্চলিক সমিতি
ডিব্ৰুগড় আৰু ধেমাজি আৰক্ষীৰ যুটীয়া অভিযানত ডিব্ৰুগড়ৰ চাপৰিৰ আক্ৰমণৰ ঘটনাৰ অভিযু্ক্ত 'টিএমপিকে'ৰ লাইমেকুৰী আঞ্চলিক সমিতিৰ সভাপতি জীতেন্দ্ৰ পাদুন,সম্পাদক জয়ন্ত টায়ে লগতে বৰং গাঁৱৰ বাসিন্দা ধনেছ কুটুম,ৰঞ্জন কুলী,ধুলানাথ মিলি আৰু বিকোদৰ দলেক গ্ৰেপ্তাৰ ৷
![ডিব্ৰুগড়ৰ চাৰখলীয়া চাপৰিৰ আক্ৰমণ ঘটনাৰ ছয়জন অভিযু্ক্তক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4844844-thumbnail-3x2-dibrugarh-chapori.jpg)
উল্লেখ্য যে, 'টিএমপিকে' নামৰ সংগঠনটোৱে ব্ৰহ্মপুত্ৰৰ চাৰখলীয়া চাপৰিত গো-পালন কৰি বসবাস কৰা গোৱাল সকলক 2 হেজাৰৰ পৰা 70,000 টকা পৰ্যন্ত সকলোকে ধন দাবী কৰিছিল। আনহাতে দাবী কৰা ধন নোপোৱাত ১৯ অক্টোবৰত দহটাকৈ বাসগৃহ জ্বলাই দিয়াৰ লগতে কেইবাজনকো আক্ৰমণ কৰে ৷ ঘটনাটোত মুৰালী যাদৱ নামৰ এজনৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। ডিব্ৰুগড় নগৰৰ পৰা নাৱেৰে চাৰি ঘণ্টা দূৰত্বৰ অতি দুৰ্গম চাপৰিটোৰ ৰামসিং ঘাটত ইয়াৰ পাছৰে পৰা তীব্ৰ আতংকই বিৰাজ কৰিছিল। বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 120B/143/436/326/307/302/153Aধাৰাৰ অধীনত1757/19নং গোচৰ পঞ্জীয়ন কৰি ছয় জনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে উক্ত ঘটনাৰ পাছতে দুৰ্গম অঞ্চলটোত নিৰাপত্তাহীনতাত ভোগা অঞ্চলটোত ডিব্ৰুগড়ৰ পৰা দহ জনীয়া আৰক্ষীৰ দল মোতায়েন কৰা হৈছে ।