ডিব্ৰুগড়,18নৱেম্বৰ: বহু অপেক্ষাৰ অন্তত আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে ডিব্ৰুগড় বাইপাছ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক অতিক্ৰম কৰা তথা বগীবিল দলং আৰু লাহোৱাল সমষ্টিৰ বকুলক সংযোগ কৰা পথটোৰ দৈঘ্য হৈছে ১৫.৪৪৭ কিলোমিটাৰ ।
অন্ত পৰিল অপেক্ষাৰ:মুকলি হ'ল ডিব্ৰুগড় বাইপাছ উল্লেখ যে,প্ৰকল্পটোত সৰ্বমুঠ ৩৭৯ কোটি টকা ব্যয় কৰা হৈছে ৷ য'ত বাইপাছখনতে মুঠ হৈছে ৯৬.৮৪ কোটি টকা ব্য়য় হৈছে ৷ ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উদ্ধোধন কৰে এখন উৰণীয়া সেঁতু ৷ যি খন সেঁতুৱে মুখ্যত ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা বকুলৰ সমিপত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পাৰ হৈ সংযোগ স্থাপন কৰিছে ডিব্ৰুগড় বাইপাছৰ ।
'Construction of Dibrugarh Bypass/Re-allgnment of NH-37 from Bogibeel Junction at 581.700to Km 597.147 on EPC basis n the state of Assam'(ডিব্ৰুগড় বাইপাছ) নামাকৰণেৰে আৰম্ভ কৰা এই প্ৰকল্পটো সম্পূৰ্ণ হোৱা পাছতেই ঐতিহাসিক ডিব্ৰুগড়ৰ যোগাযোগ ব্যৱস্থাত নতুন দিগন্তৰ সূচনা হয় ।
অন্য এক খবৰৰ বাবে:জুইৰে ছবি অংকন কৰি জুবিনক উপহাৰ নিৰ্জুৰাজৰ
ইফালে,ডিব্ৰুগড়ত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা সুদৃশ্য তথা সৰ্বাংগ সুন্দৰ পথে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । আটকধুনীয়া বাইপাছ নিৰ্মাণেৰে যাতায়তৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোজন ঘটিছে জিলাখনত । ডিব্ৰুগড়ৰ লেপেটকটাৰ পৰা বকুললৈকে বাইপাছটো সম্পূৰ্ণ হোৱাৰ পাছত জিলাখনৰ ৰাইজৰ বাবে যান-যঁতৰ সমস্যাও কিছু হ্ৰাস পাব । ডিব্ৰুগড় বকুলত ৰেলপথ আৰু ডিব্ৰুগড়-তিনিচুকীয়া মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ওপৰত উৰণীয়া দলং মুকলি হোৱাৰ লগে-লগে ডিব্ৰুগড় চহৰৰ বাহিৰেদি নিমাণ কৰা এই দুইলেন যুক্ত বাইপাচ পথটো তিনিচুকীয়া জিলাৰ স'তে সংযোগ হৈ পৰে । ইয়াৰ পূৰ্বে মোহনবাৰীৰ পৰা তিনিচুকীয়া চহৰৰ বাহিৰেদি ধলাৰ তালাপলৈকে দুইলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল । কম দিনৰ ভিতৰত জে কে এম নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা উৰণীয়া সেতু আৰু বাইপাছটোৱে এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
বিশেষকৈ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মিত বগীবিল দলঙৰ পাছতেই ডিব্ৰুগড় চহৰত অত্যাধিক যান জঁটৰ সৃষ্টি হৈ আছিল ৷ এতিয়া এই বাইপাছটো মুকলি হৈ উঠাৰ লগে লগে উজনিৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল লৈও যাতায়াতৰ পথ সুচল হৈ পৰিল । ভাৰত চৰকাৰৰ 'Ministry of Road Transport and Highway'ৰ অধীনত নিৰ্মিত পথচোৱাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছ চৰকাৰে ৬০ বছৰে কৰিব নোৱাৰা কাম নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৬ বছৰত সম্পূৰ্ণ কৰিছে । অসমত কংগ্ৰেছ চৰকাৰে ১৫ বছৰে কৰিব নোৱাৰা কাম মিত্ৰজোঁট চৰকাৰে প্ৰায় 5 বছৰত কৰি দেখোৱাইছে । যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থাত কেন্দ্ৰীয় আৰু অসম চৰকাৰে বৈপ্লৱিক পৰিবৰ্তন আনিছে এই চৰকাৰ খনে । পূৰ্বৰ চৰকাৰে যাতায়ত ব্যৱস্থা উন্নত নকৰাৰ বাবেই অসম প্ৰাকৃতিক সম্পদত চহকী হোৱা স্বত্বেও ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত পিছ পৰি আছিল অসম ৷
অন্য এক খবৰৰ বাবে: কলগাছিয়াত মানৱ শৃংখল প্ৰদৰ্শন
প্ৰকল্পটোৰ নিৰ্মাণৰ তত্বাৱধানৰ দায়িত্বত থকা 'NHIDCL'ৰ কাৰ্যবাহী সঞ্চালক পংকজ সিঙে আদৰণি ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ঋতুপৰ্ণ বৰুৱাই। বৰুৱাই আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে। আনকি পূৰ্বতে ডিব্ৰুগড় চহৰৰ পৰা তিনিচুকীয়া লৈ যাবলৈ ডেৰ ঘন্টা সময় লাগিছিল যদিও এতিয়াৰে পৰা ৪০ মিনিট হে লাগিব বুলি মন্তব্য কৰে বৰুৱাই। ইয়াৰ উপৰিও অসম তথা ভাৰত চৰকাৰে যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ যথেষ্ট পদক্ষেপ লোৱা বুলিও ব্যক্ত কৰে ঋতুপৰ্ণ বৰুৱাই।
অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিষাণ,বিধায়ক প্ৰশান্ত ফুকন,বিমল বৰা,নৰেন সোণোৱালকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ২০২০ চনতে এই বাইপাছ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ সময়মতে নিৰ্মাণ কৰা বাবে ঠিকাদাৰ যুগল কিশোৰ মহন্তৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে । তেলীয়ে অসমত ভাৰত চৰকাৰে ৮০ হেজাৰ কোটি টকাৰ কাম কৰাৰ সিদ্ধান্ত লোৱা বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যত যথেষ্ট উন্নয়ন মূলক কাম হোৱা বুলিও প্ৰকাশ কৰে ।
অন্য এক খবৰৰ বাবে: গোলাঘাটত CPI,CPI(M) আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট