অসম

assam

ETV Bharat / state

আৰ্চাৰী অনুশীলনৰ সময়ত শৰবিদ্ধ এগৰাকী 12 বছৰীয়া খেলুৱৈ - শিৱাংগিনী গোহাঁই

খেল' ইণ্ডিয়াৰ বাবে অনুশীলন চলাই থকা এগৰাকী কণমানি আৰ্চাৰী খেলুৱৈৰ ডিঙিত সোমাই গ'ল এপাত বৃহৎ শৰ ৷ এ্ই ঘটনাক লৈ ডিব্ৰুগড়ত চাঞ্চল্য ৷

ডিব্ৰুগড়
আৰ্চাৰী অনুশীলনৰ সময়ত শৰবিদ্ধ হয় 12 বছৰীয়া খেলুৱৈ

By

Published : Jan 9, 2020, 2:00 PM IST

Updated : Jan 9, 2020, 7:49 PM IST

ডিব্ৰুগড়, 9 জানুৱাৰীঃ ডিব্ৰুগড়ৰ চাবুৱাত সংঘটিত হয় শিহৰণকাৰী ঘটনা ৷ আৰ্চাৰীৰ অনুশীলনৰ সময়তে শৰবিদ্ধ হয় 12 বছৰীয়া আৰ্চাৰী খেলুৱৈ শিৱাঙ্গিনী গোহাঁই ৷ চাবুৱা দেওধাই গাঁৱৰ বিৰিঞ্চি গোহাঁইৰ কণ্যা শিৱাঙ্গিনী বুধবাৰে চাবুৱাত আগন্তুক খেলো ইণ্ডিয়াৰ বাবে অনুশীলন কৰি থকাৰ সময়তে ডিঙিত সোমাই পৰে শৰপাত ৷ যাৰ ফলত শৰ পাতে ডিঙি ভেদি গৈ কামিহাড়ত স্পৰ্শ কৰে খেলুৱৈগৰাকীৰ ৷

শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশত খেলি অহা শিৱাঙ্গিনীক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ বুধবাৰে খেলুৱৈগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হয় যদিও স্পাইনেলৰ কাষত জটিল অৱস্থাৰে শৰপাতে ভেদি যোৱাৰ বাবে চিকিৎসকৰ দলটোৱে কামিহাড়ত সোমাই থকা শৰপাত ওলোৱাৰ কঠিন সিদ্ধান্ত ন'লৈ উন্নত চিকিৎসাৰ পৰামৰ্শ আগবঢ়ায় ৷

আৰ্চাৰী অনুশীলনৰ সময়ত শৰবিদ্ধ হয় 12 বছৰীয়া খেলুৱৈ

চিকিৎসকৰ দল ক্ৰমে ডাঃ বিকাশ আগৰৱালা, ডাঃ মনিস সিং, ডাঃ প্ৰকাশ মহেশ্বৰীয়ে দিল্লীৰ গঙ্গাৰাম বা কয়ম্বদোৰৰ স্পাইনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা উপলব্ধ চিকিৎসালয় দুখনলৈ লৈ যোৱাৰ পৰামৰ্শ আগবঢ়ায় । উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ হাস্পতাল কৰ্তৃপক্ষই অস্ত্ৰোপচাৰৰ সমগ্ৰ খৰচ ইতিমধ্যে ৰেহাই দিছে দুখীয়া পৰিয়ালটোক । ইফালে ৰাজ্যৰ ক্ৰীড়াৰ পৰিৱৰ্তনৰ উদেশ্য খেল' ইণ্ডিয়াৰ দৰে ক্ৰীড়াৰ আয়োজন কৰাৰ সময়ত উৰিষ্যাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই খেলুৱৈগৰাকীৰ এনে অৱস্থাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আনহাতে, খেলুৱৈগৰাকীৰ পিতৃয়ে সদৌ অসমবাসীৰ লগতে সংবাদ মাধ্যম আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷ খেলুৱৈগৰাকী এইমছলৈ লৈ যোৱা সহায়ৰ হাত আগবঢ়োৱা বাবেই মুখ্যমন্ত্ৰী ধন্যবাদ জনায় পিতৃ বিৰিঞ্চি গোহাঁইয়ে ৷

লগতে পঢ়কঃআৰৱীয় অঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্যাহ্বান

Last Updated : Jan 9, 2020, 7:49 PM IST

ABOUT THE AUTHOR

...view details