অসম

assam

By

Published : Jan 8, 2021, 5:00 PM IST

ETV Bharat / state

কৃষকৰ বাবে নতুন প্ৰদক্ষেপ ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ

বুঢ়ীদিহিং নদীৰ এৰাসুঁতিৰ দাঁতি কাষৰীয়া থান গাঁৱৰ কৃষক সকলৰ বাবে ডিব্ৰুগড় জিলাৰ কৃষি বিভাগে গ্ৰহণ কৰিছে নতুন প্ৰদক্ষেপ ৷ প্ৰায় ৩০-৪০ বিঘা মাটিত উন্নত প্ৰজাতিৰ বৰো ধানৰ খেতি কৰিব পৰাকৈ জিলাৰ কৃষি বিভাগে প্ৰদান কৰিব ধানৰ বীজ,ৰেহাই মূল্যত ট্ৰেক্টৰ,পানী সিঁচা মেচিনৰ লগতে বিভিন্ন কৃষি সঁজুলি ৷

Dibrugarh Agricultural department take an important decision for farmers
কৃষকৰ বাবে নতুন প্ৰদক্ষেপ ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ

মৰাণ,8 জানুৱাৰী: কৃষকৰ আই দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ নতুন প্ৰদক্ষেপ ৷ কৃষক সকলক কৃষি কৰ্মৰ বাবে উৎসাহ জনোৱাৰ বাবে বুঢ়ীদিহিং নদীৰ এৰাসুঁতিৰ দাঁতি কাষৰীয়া থান গাঁৱত প্ৰায় ৩০-৪০ বিঘা মাটিত উন্নত প্ৰজাতিৰ বৰো ধানৰ খেতি কৰিব পৰাকৈ ধানৰ বীজ,ৰেহাই মূল্যত ট্ৰেক্টৰ,পানী সিঁচা মেচিনৰ লগতে বিভিন্ন কৃষি সঁজুলি প্ৰদান কৰিব জিলাৰ কৃষি বিভাগে ৷ সেই উদ্দেশ্যে অঞ্চলটোৰ ১০-১৫ জন কৃষকে একত্ৰিত হৈ আধুনিক পদ্ধতিৰে ৪০ বিঘা মাটি ৰুব পৰাকৈ পথাৰত ধানৰ বীজ সিঁচে ৷

কৃষকৰ বাবে নতুন প্ৰদক্ষেপ ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ

উল্লেখ্যে যে,জিলা কৃষি বিভাগৰ হৈ খনিকৰ-জকাই গ্ৰামসেৱক ৰাজীৱ গগৈ উপস্থিত হৈ কৃষক সকলক খেতিৰ যোগেদি আয় দুগুণ বৃদ্ধি কৰি কৃষক পৰিয়ালে নিজৰ ঘৰখন কেনেকৈ টনকিয়াল কৰিব পাৰে সেই সম্পৰ্কে কৃষক সকলক বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰে ৷ জিলা কৃষি বিভাগৰ পৰা সকলো ধৰণৰ সহায় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে কৃষক সকলক। কৃষি বিষয়া জনে কৃষকসকলক আগবঢ়াই নিয়াৰ বাবে যি চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে অঞ্চলটোৰ ৰাইজে বিষয়া গৰাকীৰ শলাগ লৈছে ।

লগতে পঢ়ক:উত্তৰ-পূৱত সংযোজন হ’ব নেকি যুঁজাৰু বিমান ৰাফেল?

ABOUT THE AUTHOR

...view details