অসম

assam

ডিব্ৰুগড়ত আছু কৰ্মীয়ে লণ্ড-ভণ্ড কৰিলে অগপৰ কাৰ্যালয়

সমদল বাহিৰ কৰি দেখুৱাক জিভা কাটি দিম।  উজনিত কেবৰ সমৰ্থনত দম্ভালি মাৰিলে খুউব পিটিম, এয়া অসমীয়াৰ ঠাই ইয়াত নাগপুৰীয়াই ৰেলী কৰিব নোৱাৰিব

By

Published : Dec 8, 2019, 7:55 PM IST

Published : Dec 8, 2019, 7:55 PM IST

ডিব্ৰুগড়
আছুই লণ্ডভণ্ড কৰিলে অসম গণ পৰিষদৰ কাৰ্যালয়

ডিব্ৰুগড়, 8 ডিচেম্বৰ: এইবাৰ আছুৰ টাৰ্গেট অসম গণ পৰিষদ। দেওবাৰে বিধেয়কৰ প্ৰতিবাদত ওলাই অহা ডিব্ৰুগড় আছুৰ সদস্যই জিলাখনৰ অগপ কাৰ্যালয়ত দলীয় সভা চলি থকা অৱস্থাতে কাৰ্যালয়টোত প্ৰৱেশ কৰি কম্পিউটাৰ, চকী,তেবুল ভাঙি, নথি-পত্ৰ ফাৰি-চিৰি সকলো লণ্ড-ভণ্ড কৰে ৷ কাৰ্যালয়টোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আছু সদস্যই অগপৰ তৃণমূল কৰ্মীক অতুল বৰাৰ নেতৃত্বৰ দলটো ত্যাগ কৰি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ ইয়াৰোপৰি জাতীয় স্বাৰ্থত কাম কৰিবলৈ হ'লে সদস্যসকলক অগপৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ডিব্ৰুগড়ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা সভাৰ সময়তে এনেদৰে কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন শ্ল'গানেৰে অগপৰ কাৰ্যালয় উত্তাল কৰে আছু আৰু টাই আহোম ছাত্র সন্থাই ৷

আছুই লণ্ডভণ্ড কৰিলে অসম গণ পৰিষদৰ কাৰ্যালয়

আনহাতে বিধেয়ক বাতিল সন্দৰ্ভত অগপ দলৰ বিষয়ববীয়া সকলে আলোচনাত মিলিত হোৱা সময়তে আছুই এনে ঘটনা সংঘটিত কৰাৰ লগতে কেইবাজনো অগপ সদস্যক আক্ৰমণ কৰা আছুৰ এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে অগপৰ বিষয়ববীয়াই। পৰৱৰ্তী সময়ত আৰক্ষী আৰু অৰ্ধ- সামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

উল্লেখ্য যে, কোনো সৰ্বভাৰতীয় ছাত্ৰ সংগঠনে কেবৰ সমৰ্থনত সমদল উলিওৱা বুলি খৱৰ পায় পৰৱৰ্তী সময়ত উক্ত কেব সমৰ্থনকাৰীক বিছাৰি সমগ্ৰ জিলা চলাথ কৰে আছু সদস্যই ৷ ইয়াৰোপৰি"সমদল বাহিৰ কৰি দেখুৱাক জিভা কাটি দিম, উজনিত কেবৰ সমৰ্থনত দম্ভালি মাৰিলে খুউব পিটিম, এয়া অসমীয়াৰ ঠাই ইয়াত নাগপুৰীয়াই ৰেলী কৰিব নোৱাৰিব"বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আছু সদস্যই ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details