মৰাণ , 13 অক্টোবৰ :বিজয়া দশমী উপলক্ষে ডিব্ৰুগড়ত ড্ৰাই ডে' ঘোষণা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ দুৰ্গা পূজা তথা বিজয়া দশমীত যাতে ডিব্ৰুগড় কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি 14 আৰু 15 অক্টোবৰত প্ৰশাসনে সমগ্ৰ জিলাখনতে ড্ৰাই ডে' ঘোষণা কৰিছে ৷ সেই অনুসৰি এই দুটা দিনত জিলাখনৰ হোটেল বা ক্লাৱ কোনো ঠাইতে সুৰাৰ ক্ৰয়-বিক্ৰয় বুলি প্ৰশাসনে নিৰ্দেশ আৰোপ কৰিছে ৷
উল্লেখ্য যে, ক'ভিড অতিমাৰীৰ সংক্ৰমণৰ আশংকাৰ মাজতে ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হৈছে ৷ পূজা উদযাপনৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি নিয়ম বান্ধি দিছে যদিও ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সমগ্ৰ ডিব্ৰুগড় জিলাত যথেষ্ঠ জাক-জমকতাৰে দুৰ্গা পূজা পালন কৰা হৈছে ৷ সেয়ে জিলাখনত যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিহত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় প্ৰশাসনে ড্ৰাই ডে' ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷