অসম

assam

ETV Bharat / state

খহনীয়া প্ৰতিৰোধ কৰিবলৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

নগৰ সুৰক্ষা বান্ধৰ সুৰক্ষা, ব্ৰহ্মপুত্ৰৰ খহনীয়া ইত্যাদিক লৈ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাযাৰ্লয়ত গুৰুত্বপূৰ্ণ সভা ৷

By

Published : Jul 18, 2020, 8:42 AM IST

dibrugarah-dc-office-importent-meeting-flood-and-erosion
ডিব্ৰুগড়ৰত উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সভা

ডিব্ৰুগড়,18জুলাইঃ ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ সুৰক্ষাৰ লগতে ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নৈৰ খহনীয়া প্ৰতিৰোধ, অবৈধ পলসৰ খনন ৰোধ আদি বিষয় সন্দৰ্ভত আলোচনাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাযাৰ্লয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ জিলা উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, ৰঞ্জিত কোঁৱৰ, সহকাৰী আয়ুক্ত জয় শিৱানী, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক বৰা, বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱা আৰু বান আৰু খহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি বিনোদ কেডিয়া সভাত উপস্থিত থাকে ৷

ডিব্ৰুগড়ৰত উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সভা
সভাত প্ৰথমেই উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝাই খহনীয়াৰ ফলত ডিব্ৰুগড় সুৰক্ষা বান্ধৰ প্ৰতি অহা ভাবুকিৰ লগতে জিলাখনত শেহতীয়াকৈ ঠায়ে ঠায়ে হোৱা বান আৰু গৰাখহনীয়া সমস্যা আদিৰ মূল কাৰণসমূহ সন্দৰ্ভত বান আৰু খহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি বিনোদ কেডিয়াক তেখেতৰ মতামত জনাবলৈ অনুৰোধ জনায় ৷ বিনোদ কেডিয়াই এনে পৰিস্থিতিৰ বাবে কিছু পৰিমাণে অবৈধ পলসৰ খননৰ লগতে নিৰ্ধাৰিত সময়ত জলসম্পদ বিভাগে তেওঁলোকৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱাৰ দিশকে ধৰি আন কেইবাটাও দিশ আঙুলিয়াই দিয়ে ৷ সভাত উপস্থিত থকা জলসম্পদ বিভাগ আৰু বন সংমণ্ডল বিষয়াৰ পৰাও এই দিশত মতামত গ্ৰহণৰ পিছত উপায়ুক্ত ঝাই বন সংমণ্ডল বিষয়াৰ নেতৃত্বত এজন সহকাৰী আয়ুক্তক সদস্য সচিব আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক সদস্য হিচাবে লৈ এই সমগ্ৰ দিশৰ ওপৰত অধ্যয়নৰ বাবে এখন যুটীয়া কমিতি গঠন কৰি দিয়ে ৷ এই কমিতিক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয় ৷ সভাত উপায়ুক্ত ঝাই অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাক ব্ৰহ্মপুত্ৰৰ পাৰত থকা বেদখলকাৰীসকলক উচ্ছেদৰ বাবে এক পৰিকল্পনা প্ৰস্তুতৰ বাবেও নিৰ্দেশ দিয়ে ৷

লগতে পঢ়কঃ পশ্চিমবংগৰ বিধায়কৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী ৰঞ্জিত দাসৰ

ABOUT THE AUTHOR

...view details