ডিব্ৰুগড়,11 ছেপ্তেম্বৰঃ ডিব্ৰুগড় মিলন নগৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ৰবীন দাসে কৰ্তব্যৰ খাতিৰত, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত হৈ চহৰখনৰ খনিকৰত নিৰাপত্তা বাহিনী মোতায়ন কৰি পুনৰ আৰক্ষী চকীলৈ ঘূৰি আহিব লওতেই হঠাৎ মূৰ ঘূৰাই পৰি যায়। ইয়াকে দেখি স্থানীয় ৰাইজে ততাতৈয়াকৈ ডিব্ৰুগড়ৰ চৌকিডিঙিস্থিত শংকৰদেৱ হাস্পতালত ভৰ্তি কৰোৱায়। কিন্তু চিকিৎসকে ৰোগী গৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিবলৈ দিয়াত সকলো আচৰিত হৈ পৰে। পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানসহ জীৱন নিৰ্বাহ কৰা নাহৰকটীয়াৰ আমোলাপট্টীৰ নিবাসী উপ-পৰিদৰ্শক ৰবীন দাসৰ এনে আকস্মিক মৃত্যুত পৰিয়ালৰ লোক সকল মৰ্মাহত হৈ পৰে ।
মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত আৰক্ষীৰ আকস্মিক মৃত্যু - মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দ্বায়িত্ব মুৰ
মুখ্যমন্ত্ৰী মহোদয় সুৰক্ষাৰ বাবে দেউতাই ডিউটি কৰিবলৈ গৈছিল,নিজে গাড়ী চলাই গৈছে,যিহেতু দেউতাৰ পষ্টৰ মতে গাড়ী চলাব লগা নহয়। মুখ্যমন্ত্ৰীক শ্ৰদ্ধা কৰি,ডিউটি টো ভাল পাই কাৰণে নিজে গৈছে। তেনেকৈয়ে ডিউটিৰ অৱস্থাত দেউতাই জীৱন বলিদান দিব লগা হ'ল। দেউতাতো এতিয়া নাই,দেউতাকটো কেতিয়াও ঘূৰাই নাপাও। মুখ্যমন্ত্ৰী নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এ-এছ-আই ৰবীন দাসৰ আকস্মিক মৃত্যুৰ পাছতে এইদৰে শোকত ভাঙি পৰিল তেওঁৰ পুত্ৰ।
![মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত আৰক্ষীৰ আকস্মিক মৃত্যু dibrugarah cm duty police death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8768452-131-8768452-1599838309172.jpg)
ইপিনে মৃত আৰক্ষী বিষয়া জনক অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব ৷ অৱশ্যে আৰক্ষীয়ে প্ৰেছাৰ ষ্ট্ৰক,বা হাৰ্ট এটেক বুলি প্ৰাৰম্ভিক পৰ্যায়ত ধাৰণা কৰিছে। আনহাতেবিষয়া গৰাকীক আৰক্ষী চাউনীত আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মৃত আৰক্ষী বিষয়া গৰাকীক। লগতে তেওঁৰ পৰিয়ালৰ আৰ্থিক দিশটোৰ বাবে জৰুৰীভাৱে কৰণীয় দায়িত্ব গ্ৰহণ কৰিব বুলি জনাই অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই।
লগতে পঢ়কঃ বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি