অসম

assam

ETV Bharat / state

ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় খনিকৰলৈ স্থানান্তৰ - ডিব্ৰুগড় জিলা

ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় খনিকৰলৈ স্থানান্তৰ । ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশৰ পিছতেই কাৰ্যালয়টো স্থানান্তৰ কৰা হয় ।

Dibrugah district sports office shifted after Bimal Bora's order
ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় খনিকৰলৈ স্থানান্তৰ

By

Published : Jun 3, 2021, 9:32 PM IST

Updated : Jun 4, 2021, 10:02 AM IST

মৰাণ, ৩ জুন: ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশৰ পিচতেই খনিকৰলৈ স্থানান্তৰ কৰা হ'ল ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় । খনিকৰত নিৰ্মাণ কৰি থকা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্প । কেইদিনমান পূৰ্বে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিছিল মন্ত্ৰী বিমল বৰাই ।

ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় খনিকৰলৈ স্থানান্তৰ

প্ৰকল্পটোত উপস্থিত হৈ মন্ত্ৰী বিমল বৰাই নিৰ্মাণৰ দায়িত্বত থকা বিষয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত অতি কম দিনৰ ভিতৰতে প্ৰকল্পৰ কাম শেষ কৰাৰ নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীজনে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো খনিকৰ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণস্থলীলৈ আনি বিষয়াসকলক বিভাগীয় কাম-কাজ কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পাছতে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো খনিকৰলৈ স্থানান্তৰ কৰা হয় ।

লগতে পঢ়ক:ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ড৹ নগেন শইকীয়াৰ শোক প্ৰকাশ

Last Updated : Jun 4, 2021, 10:02 AM IST

ABOUT THE AUTHOR

...view details