অসম

assam

ETV Bharat / state

Dibrugarh Hanumanbux Surajmal Kanoi College: ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন - হীৰক জয়ন্তী উদযাপন

শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী (Diamond Jubilee of DHSK college) উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় (Diamond Jubilee of DHSK college concludes) । অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Diamond Jubilee of Dibrugarh Hanumanbux Surajmal Kanoi College concludes
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

By

Published : Oct 16, 2022, 5:47 PM IST

ডিব্ৰুগড়, 16 অক্টোবৰ:শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী (Diamond Jubilee of DHSK college) উদযাপনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় (Diamond Jubilee of DHSK college concludes) ।

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

দেওবাৰে হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) । ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে সমাজত জ্ঞানৰ পোহৰ বিলাই অসমৰ এখন অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে । শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ (Dibrugarh Hanumanbux Surajmal Kanoi College) ছাত্ৰ- ছাত্ৰীৰ সকলে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

দুদিনীয়াকৈ অনুষ্ঠিত মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ- ছাত্ৰীসকলক সাৰুৱা ভাষণেৰে উদ্বোধন কৰে। এই অনুষ্ঠানতে হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ বাবে এটা অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে চৰকাৰে ৫ কোটি টকা ঘোষণা কৰে ।

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী (Union Minister Rameshwar Teli) , মন্ত্ৰী বিমল বৰা (Minister Bimal Borah), বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন, তৰংগ গগৈ, চক্ৰধৰ গগৈ, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

উল্লেখযোগ্য যে, ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল । ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণে (Dr. Sarvepalli Radhakrishnan) উদ্বোধন কৰা এই মহাবিদ্যালয়খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত । পিছলৈ ১৯৫৭ চনত এই মহাবিদ্যালয় খনৰ দাতা হনুমানবক্স সুৰজমল কানৈৰ নামেৰে নামকৰণ কৰা হয় ।

লগতে পঢ়ক:HPB girls college in Golaghat : হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

ABOUT THE AUTHOR

...view details