ডিব্ৰুগড়, ২৩ নৱেম্বৰ:ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত সংঘৰ শাখা কাৰ্যালয়ত অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋষভ কলিতা আৰু ডিব্ৰুগড় শাখাৰ সম্পাদক ৰাতুল কাকতি আৰু উপ-সভাপতি সুতেশ নন্দই এক সংবাদমেল সম্বোধন কৰে । ৰাজ্যৰ ২০ খন সংঘৰ শাখা সমিতিৰ লগতে ডিব্ৰুগড়তো অহা ২৬ আৰু ২৭ নৱেম্বৰত আয়োজন কৰা হীৰক জয়ন্তী সমাৰোহ সন্দৰ্ভত তেওঁলোকে ব্য়াখ্য়া কৰে (Diamond Jubilee of Assam Tea Employees Association)।
১৯৪৭ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা সংঘৰ হীৰক জয়ন্তী উপলক্ষে অনুষ্ঠিত হ'ব ৬২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন । এই উপলক্ষে প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনাকে ধৰি মতবিনিময় অনুষ্ঠানৰো আয়োজন কৰা বুলি কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋষভ কলিতাই কয় । তেওঁলোকে উল্লেখ কৰা মতে,চাহ উদ্যোগৰ প্ৰগতি আৰু কৰ্মচাৰী সকলৰ সুৰক্ষিত ভৱিষ্যত সন্দৰ্ভত বাৰ্ষিক অধিৱেশনত আলোচনা কৰা হ'ব ।