মৰাণ , ৭ অক্টোবৰ :অহা ৩০ অক্টোবৰত অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনৰ বাবে এতিয়া সমষ্টিবোৰত বিভিন্ন দলসমূহে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । ইফালে শুকুৰবাবে মনোনয়ন দাখিলৰ অন্তিম দিন । তাৰ পূৰ্বে বৃহস্পতিবাৰে থাওৰা সমষ্টিৰ দুগৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব ।
থাওৰাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI) দলৰ হৈ অধিবক্তা কৃষ্ণ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব । দুয়োগৰাকীয়ে শিৱসাগৰ জিলাৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন । ইফালে অধিবক্তা কৃষ্ণ গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দীতা নকৰে বুলি দাবী কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । কিন্তু বাস্তৱত সেয়া নহ'ল ।