অসম

assam

ETV Bharat / state

স্ব-গৃহত ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড 2019ৰ দ্বিতীয় ৰানাৰ্চ আপ কংকনা - ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড

যোৱা 9 নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ চূড়ান্ত প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্চ আপ লাভ কৰিবলৈ সক্ষম হোৱা কংকনা বৰুৱা ডিব্ৰুগড়ৰ স্ব-গৃহত উপস্থিত হয় ৷

ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড 2019ৰ দ্বিতীয় ৰানাৰ্চ আপ তনয়া কংকনা বৰুৱা স্ব-গৃহত উপস্থিত

By

Published : Nov 19, 2019, 12:56 PM IST

Updated : Nov 19, 2019, 4:57 PM IST

ডিব্ৰুগড়, 19 নৱেম্বৰঃডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড 2019 প্ৰতিযোগিতাৰ ৰানাৰ্চ আ কংকনা বৰুৱা ডিব্ৰুগড়ৰ স্ব-গৃহত উপস্থিত হৈছে ৷ যোৱা 9 নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ চূড়ান্ত প্ৰতিযোগিতাত তনয়াই দ্বিতীয় ৰানাৰ্চ আপ লাভ কৰিবলৈ সক্ষম হয় ৷ কংকনাৰ এই খিতাপে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ গৃহভূমিত উপস্থিত হৈ কংকনাই এটা এন.জি.অ'ৰ সৈতে জড়িত হৈ বিনামূলীয়াকৈ দুৰাৰোগ্য কৰ্কট ৰোগৰ বাবে চিকিৎসা প্ৰদানৰ এক অভিযানত অচিৰেই নামি পৰিব বুলি প্ৰকাশ কৰে ৷

ডেজেল মিছ ইণ্ডিয়া ৱৰ্ল্ড 2019ৰ দ্বিতীয় ৰানাৰ্চ আপ তনয়া কংকনা বৰুৱা স্ব-গৃহত উপস্থিত

ইতিমধ্যে দক্ষিণ ভাৰতৰ বোলছবিত অভিনয়ৰ প্ৰস্তাৱো লাভ কৰা কংকনাৰ পিতৃ আকাশবাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া প্ৰণৱ বৰুৱা আৰু মাতৃ গৃহিণী মৃদুলা বৰুৱা স্বাভাৱিকতেই সুখী হৈ পৰিছে নিজ কন্যাৰ এই সাফল্যত ।

আৰু পঢ়কঃ সংকট নিৰাময়ৰ বাবে ভাৰতে জল সংৰক্ষণৰ সংস্কৃতি গঢ়ি তোলক

Last Updated : Nov 19, 2019, 4:57 PM IST

ABOUT THE AUTHOR

...view details