মৰাণ, 14 জুলাই :হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে মুখৰিত হ’ল ডিব্ৰুগড়ৰৰ লেকাই ঐতিহাসিক ঠাকুৰথান মৈদামনীৰ ডাঙৰীয়া থান । বুধবাৰ পুৱাৰে পৰা থানখনত ভক্তৰ লানি নিছিগা ভিৰ ৷ ভক্তই থানত চাকি-বন্তি, ধূপ-ধূনা জ্বলাই পৰিয়ালৰ মংগলাৰ্থে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে (Devotees gathering at Historical Moidamoni Dangoria Than) ৷
কেৱল স্থানীয় লোকেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ পৰা আদি কৰি ৰাজনৈতিক নেতালৈকে, ডাঙৰীয়া বাবাৰ আৰ্শীবাদ বিচাৰি থানত ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰত্যেক বছৰে আহাৰ মাহৰ পূৰ্ণিমা তিথিত দিনজোৰা কাৰ্যসূচীৰে ডাঙৰী থানত পতা হয় পূজা (Dangoria Puja in Dibrugrah) । লোকবিশ্বাস অনুসৰি, উজনি অসমৰ ডিব্ৰুগড়ৰৰ এই ঐতিহাসিক ডাঙৰীয়া থানখনৰ আছে বহু মাহাত্ম্য ৷