অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ উন্নয়ন আয়ুক্তই পৰিদৰ্শন কৰিলে বহুমুখী ক্ৰীড়া প্ৰকল্প - ক্ৰীড়া প্ৰকল্পৰ

মঙলবাৰে ডিব্ৰুগড়ত নিৰ্মাণ হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে জিলাখনৰ উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে । প্ৰায় ৩০০ শ্ৰমিকে কাম কৰি আছে ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্যত ।

ডিব্ৰুগড়ৰ খনিকৰত দ্ৰুত গতিত চলিছে বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাম
ডিব্ৰুগড়ৰ খনিকৰত দ্ৰুত গতিত চলিছে বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাম

By

Published : Dec 8, 2020, 8:32 PM IST

মৰাণ, ৮ ডিচেম্বৰ: ডিব্ৰুগড়ৰ খনিকৰত দ্ৰুত গতিত চলিছে বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাম । মঙলবাৰে ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে ।

উন্নয়ন আয়ুক্তগৰাকীয়ে ক্ৰীড়া প্ৰকল্পটো নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় । কম দিনৰ ভিতৰতে ক্ৰীড়া প্ৰকল্পটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে উন্নয়ন আয়ুক্তগৰাকীয়ে ।

ডিব্ৰুগড়ৰ খনিকৰত দ্ৰুত গতিত চলিছে বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাম

উল্লেখ্য যে, বহুমুখী ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্যত প্ৰায় ৩০০ শ্ৰমিকে পূৰ্ণ গতিত কাম কৰি আছে । এই প্ৰকল্পটো নিৰ্মাণ হোৱাৰ পিছত সমগ্ৰ ডিব্ৰুগড়ৰ খেলুৱৈসকলৰ লগতে ক্ৰীড়াপ্ৰেমীসকলৰো এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব ।

উন্নত প্ৰযুক্তিৰে ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ কৰি থকা হৈছে বহুমুখী ক্ৰীড়া প্ৰকল্প ।

লগতে পঢ়ক:ত্রিপুৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details