অসম

assam

ETV Bharat / state

ধেমেচিত হস্ততাঁত প্ৰকল্পৰ কাম পৰ্যবেক্ষণ কৰিলে জিলা উন্নয়ন আয়ুক্তই - প্ৰথমে তেলীয়াপথাৰ

মৰাণৰ ধেমেচিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা বিভিন্ন কামৰ অগ্ৰগতিৰ বুজ লয় ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে । তেলীয়াপথাৰ এলেকাত চলি থকা হস্ততাঁত প্ৰকল্পৰ কাম পৰ্যবেক্ষণ কৰাৰ লগতে পূণ্য অৰণ্য বয়ন কেন্দ্ৰই কৰা কেছেৰুৰ খেতি আৰু কলগছৰ খেতি পৰিদৰ্শন কৰে ।

ধেমেচিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা কামৰ বুজ লয় ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্তই
ধেমেচিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা কামৰ বুজ লয় ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্তই

By

Published : Dec 10, 2020, 5:22 PM IST

মৰাণ, ১০ ডিচেম্বৰ: বিগত কিছু দিন ধৰি ডিব্ৰুগড় জিলাত চলি থকা উন্নয়নমূলক কামত দৃষ্টি নিক্ষেপ কৰিছে জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে । বিভিন্ন আত্ম সহায়ক গোট আৰু সংস্থাবোৰে চৰকাৰৰ সহযোগিতাত কৰি থকা কামবোৰ পৰ্যবেক্ষণ কৰি তেওঁলোকক উৎসাহ যোগাইছে জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে । বুধবাৰেও জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে ধেমেচি অঞ্চলত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা বিভিন্ন কামৰ অগ্ৰগতিৰ বুজ লয় ।

ধেমেচিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা কামৰ বুজ লয় ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্তই

প্ৰথমে তেলীয়াপথাৰ অঞ্চলত চলি থকা হস্ততাঁত প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে । লগতে তেওঁ তেলীয়াপথাৰ গাঁৱত পূণ্য অৰণ্য বয়ন কেন্দ্ৰ নামৰ এক সংস্থাই এড়ীপলুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰায় ৩ হেক্টৰজোৰা ভূমিত কৰা কেছেৰুৰ খেতিৰ আৰু একেলগে কৰা কলগছৰ খেতি পৰিদৰ্শন কৰে ৷

ধেমেচিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা কামৰ বুজ লয় ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্তই

জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে ধেমেচিৰ বেজপথাৰত দিলীপ বৰুৱা নামৰ এজন ব্যক্তিয়ে চোমগছত কৰা মুগা পলুৰ খেতিও পৰিদৰ্শন কৰে ৷ আয়ুক্তগৰাকীয়ে সকলো প্ৰকল্প পৰিদৰ্শন কৰি বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে উদ্যমী লোকসকলক ।

ধেমেচিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত চলি থকা কামৰ বুজ লয় ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্তই

আয়ুক্তগৰাকীয়ে গাঁৱে গাঁৱে গৈ কৰ্মোদ্যমী লোকসকলক উৎসাহ দিবলৈ চেষ্টা কৰা কাৰ্যৰ সকলোৱে শলাগ লৈছে । বৰ্তমান কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা যুৱক-যুৱতীসকলে এনেদৰে সকলো কামতে সহযোগিতা আগবঢ়োৱা এগৰাকী আয়ুক্তৰ তত্বাৱধানত থাকি কাম কৰিলে কামৰ প্ৰতি অধিক আকৃষ্ট হোৱাৰ থল আছে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:গৃহস্থ বজাৰলৈ ওলাই যোৱাৰ সুযোগত চুৰে লুটিলে লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

...view details