অসম

assam

ETV Bharat / state

মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?

দেবাংগনা কলিতাক 2020 চনৰ 23 মে’ তাৰিখে দিল্লী আৰক্ষীয়ে গোচৰ নং 48/2020ৰ অধীনত আটক কৰা কৰিছিল ৷ ইয়াৰ পিছতে দেবাংগনাই জামিন লাভ কৰে যদিও পৰৱৰ্তী সময়ত গোচৰ নং 50/2020 আৰু 250/2019ৰ আধীনত গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশেষত 5 জুনৰ দিনাখনত ‘অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন’ (UAPA)ৰ অধীনত আটক কৰি তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷

By

Published : Jun 16, 2021, 5:38 PM IST

A_dib_801_devangana-kalitas-mothers-reaction-on-her-daughters-bail-vis_AS10043
দেবাংগনাৰ মুক্তিত মাতৃৰ প্ৰতিক্ৰিয়া

ডিব্ৰুগড়, 16 জুন :মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে দিল্লীৰ ‘কা’ প্ৰতিবাদত সংক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱাংগনা কলিতাৰ লগতে তেওঁৰ আন দুগৰাকী সহযোগী ক্ৰমে নতাশা নৰৱাল আৰু আছিফ ইকবাল তনাহক ৷ নিজ কন্যাৰ জামিনৰ বাতৰি পাই অসমবাসীক সকলো সময়তে দেবাংগনাৰ হকে মাত মাতি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মাতৃ কল্পনা ডেকা কলিতাই ৷ তেওঁ কয়, ‘আমাৰ কাৰণে ই এটি আনন্দৰ কথা । লগতে দিল্লী উচ্চ ন্যায়ালয়ে যিটো ৰায় দিলে ন্যায়ৰ সপক্ষে, সেয়া সঁচা অৰ্থত ক'বলৈ গলে অসম তথা ভাৰতীয় নাগৰিকৰ বাবে গণতন্ত্ৰৰ জয় । সেইকাৰণে আমি বেছি আনন্দিত’ ৷

দেবাংগনাক 2020 চনৰ 23 মে’ তাৰিখে দিল্লী সংঘৰ্ষৰ সময়ত দিল্লী আৰক্ষীয়ে গোচৰ নং 48/2020ৰ অধীনত আটক কৰা হৈছিল ৷ ইয়াৰ পিছতে দেবাংগনাই জামিন লাভ কৰে যদিও পৰৱৰ্তী সময়ত গোচৰ নং 50/2020 আৰু 250/2019ৰ আধীনত গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশেষত 5 জুনৰ দিনাখন ‘অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন’ (UAPA)ৰ অধীনত আটক কৰি তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷

দেবাংগনাৰ মুক্তিত মাতৃৰ প্ৰতিক্ৰিয়া

এই দীৰ্ঘ সময়ছোৱাত তেওঁলোকে ভাৰতৰ আইন ব্যৱস্থাৰ ওপৰত বিশ্বাসী আছিল যদিও এক দীঘলীয়া সময়ৰ বাবে নিজ কন্যাক কাৰাগাৰৰ চাৰিবেৰৰ মাজত দেখিব বুলি মানসিকভাৱেও প্ৰস্তুত আছিল বুলি জনায় দেবাংগনাৰ মাতৃ কল্পনা কলিতাই ৷ লগতে এই যুদ্ধৰ বাবে দেবাংগনাকো সাজু কৰা বুলিও কয় ৷

15 জুন মঙলবাৰে সুদীৰ্ঘ প্ৰতিক্ষাৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগানৰ লগতে নতাশা নৰৱাল আৰু আছিফ ইকবাল তনাহক জামিন প্ৰদান কৰে ৷ এই ন্যায়িক যুদ্ধখনত আৰম্ভণিৰে পৰা তেওঁলোকৰ হৈ যুঁজ দি অহা অধিবক্তাৰ দলৰ লগতে অসমবাসীকো ধন্যবাদ জ্ঞাপন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা দেংগনা কলিতাৰ মাতৃ ড৹ কল্পনা ডেকা কলিতাই ৷

উল্লেখ্য যে, 2019 বৰ্ষৰ 11 ডিচেম্বৰত সংসদৰ মজিয়াত ‘নাগৰিকত্ব সংশোধনী আইন’ (CAA)খন বলৱৎ কৰা হয় ৷ ইয়াৰ পিছতে অসমৰ লগতে ৰাজাধানী দিল্লীতো ‘কা’ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছিল ৷ অসমত ‘কা’ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে কৃষক নেতা অখিল গগৈৰ লগতে কেইবাগৰাকীয়ো প্ৰতিবাদকাৰীক আটক কৰা হৈছিল ৷

সমান্তৰলাকৈ ৰাজধানীতো দিল্লী বিশ্ববিদ্যালয় তথা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ তিনি ছাত্ৰ ক্ৰমে দেবাংগনা, নতাশা, আৰু আৰু আছিফক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত দেশদ্ৰোহীতা, হত্যাৰ চেষ্টা, সশস্ত্ৰ বাহিনীৰে সংযোগ আদি কেইবাটাও গুৰুতৰ অভিযোগ জাপি দিয়া হৈছিল আটকাধীন আটাইকেইগৰাকী প্ৰতিবাদকাৰীৰ ওপৰত ৷ অৱশেষত সুদীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰে ৷

লগতে পঢ়ক-ন্যায় নোপোৱাকৈয়ে ইহসংসাৰ এৰিলে জয়ন্ত বৰাৰ মাতৃয়ে

ABOUT THE AUTHOR

...view details