মৰাণ,13 এপ্ৰিল : বহাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয়ে পালন কৰিব ৰঙালী বিহু ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ দেউৰী মহিলা সমাজে ৷
পানীদিহিং মৌজাৰ ককিলামাৰী গাঁৱৰ দেউৰী মহিলাসকল ওলাই আহিছে বিহুৰ প্ৰস্তুতিৰ বাবে ৷ উল্লেখ্য যে, অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ বাবে বহাগ মাহৰ প্ৰথম বুধবাৰটো হৈছে পৱিত্ৰ দিন ৷