অসম

assam

ETV Bharat / state

ৰাজ্যত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷

By

Published : Jul 3, 2021, 1:09 PM IST

ganja-seized-at-bilasipara-one-arrested
ড্ৰাগছ বিৰোধী অভিযান: বৃহৎ পৰিমাণৰ ড্ৰাগছ গাঞ্জাসহ আটক কেইবাজনো

নিউজ ডেস্ক, 3 জুলাই :সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে অভিযান ৷ তিনিচুকীয়াৰ মাকুমত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৪০ কেজি গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰে ৷ আটকাধীন গাঞ্জা (Ganja) ব্যৱসায়ীগৰাকী মাকুম বেতজানৰ লালবাবুৰ ঠাকুৰ বুলি জানিব পৰা হৈছে । তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হেমন্ত বড়োৰ নেতৃত্বত আৰক্ষী এটা দলে মাকুম বেতজানত অভিযান চলাই আটক কৰে গাঞ্জা (Ganja) ব্যৱসায়ীটোক ৷

গাঞ্জা জব্দ

হোজাইত ব্রাউন চুগাৰ (Brown Sugar)সহ আটক মহিলা :

হোজাই আৰক্ষীয়ে আম্লিপুখুৰী অঞ্চলত অভিযান চলাই ব্রাউন চুগাৰ (Brown Sugar)সহ মহিলাক আটক কৰে । আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা ব্ৰাউন চুগাৰ (Brown Sugar) ভৰ্তি ৬৪ টা কণ্টেইনাৰৰ লগতে ৩৫ টা খালী কণ্টেইনাৰ জব্দ কৰে ৷ ব্রাউন চুগাৰ (Brown Sugar)সহ আটক হোৱা মহিলাগৰাকী আব্দুল ৱাহিদৰ পত্নী মণি ওৰফে আছিয়া বেগম বুলি জানিব পৰা হৈছে ।

জব্দ ড্ৰাগছ

বিলাসীপাৰাত গাঞ্জাসহ আটক জুৱাৰী :

বিলাসীপাৰাতো আৰক্ষী আৰু চিআৰপিএফে (CRPF) ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja)জব্দ কৰে । আৰক্ষী আৰু চিআৰপিএফে জিলাখনৰ গৌৰাং নগৰ চিলকিখাতাত অভিযান চলাই গাঞ্জাসহ ব্যৱসায়ী তথা অবৈধ তীৰ জুৱাৰ মাফিয়া আয়নাল হুছেইনকো আটক কৰে ৷ আৰক্ষীয়ে আয়নাল হুছেইনৰ পৰা অবৈধ তীৰ খেলৰ নথিপত্ৰ জব্দ কৰে ৷

ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ডিব্ৰুগড়ত ব্ৰাউন চুগাৰসহআটক এজন: পলাতক এজন

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১২ গ্ৰাম হেৰ'ইন আৰু ব্ৰাউন চুগাৰ (Brown Sugar) জব্দ কৰে ৷ নাহৰকটীয়া আৰক্ষীয়ে নাহৰকটীয়া ৰে’ল গেটৰ সমীপত অভিযান চলাই য়াছিন খান নামৰ এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰাৰ লগতে প্ৰায় ৫ গ্ৰাম নিষিদ্ধ হেৰ'ইন (Heroin Drug) জব্দ কৰে । য়াছিন খানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ ঋষিকেশ ডোগ্ৰা নামৰ যুৱকজনৰ বাসগৃহৰ পৰা প্ৰায় ৭ গ্ৰাম ব্ৰাউন চুগাৰ (Brown Sugar)জব্দ কৰে ।

ঋষিকেশ ডোগ্ৰাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সেৱন আৰু সৰবৰাহত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ অৱশ্যে আৰক্ষীক দেখি ঘৰৰ পৰা পলায়ন কৰে ঋষিকেশ ডোগৰা ।

লগতে পঢ়ক :ক'ত হেৰাল 50 লক্ষাধিক মূল্যৰ চাহপাত ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details