মৰাণ, 20 জুলাই :সোমবাৰে নিশা চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে (Sonari Police) ড্ৰাগছসহ তিনি ড্ৰাগছ আসক্ত যুৱকক আটক কৰে । সোণাৰি আৰক্ষীৰ বিশেষ অভিযানত সোণাৰিৰ ৰজাপুখুৰীৰ ৰাইদঙীয়াত আটক কৰা হয় যুৱক কেইজনক । আটকাধীন যুৱককেইজনে ব্যৱহাৰ কৰা AS06 G 0892 নম্বৰৰ টাটা ইণ্ডিকা বাহন খনো জব্দ কৰিছে আৰক্ষীয়ে । যুৱক কেইজনৰ সোণাৰি ৰাইদঙীয়া অঞ্চলৰ জাকিৰ আহমেদ(বাবলী), ডিব্ৰুগড় জিলাৰ বাণীপুৰৰ আছিক আহমেদ আৰু ডিব্ৰুগড় জিলাৰ চাউলখোৱাৰ জয়নাল আলি বুলি জানিব পৰা গৈছে।
সোণাৰি আৰক্ষীৰ তহলদাৰী দলে পথৰ ওপৰতে ড্ৰাগছ সেৱন কৰি থকা দেখা পাই আটক কৰে যুৱক কেইজনক। মুঠৰ ওপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'লেও ঠায়ে ঠায়ে চলি আছে ড্ৰাগছৰ বেহা । শেহতীয়াকৈ, শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta bishwa Sarma)ই কাৰ্বি আংলং জিলাৰ ডিফুৰ লগতে গোলাঘাটত উপস্থিত হৈ ড্ৰাগছ দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷
বিগত দুটা মাহে অসম আৰক্ষীৰ (Assam Police) নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানৰ সফলতাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই ড্ৰাগছ দাহ কৰা কাৰ্যসূচীত অংশ লোৱাত এই ব্যৱসায়ৰ প্ৰকোপ কমিব বুলি আশা কৰিছিল ৰাজ্যবাসীয়ে ৷ কিন্তু, ইমানৰ পিছতো ৰাজ্যত এচাম ড্ৰাগছ আসক্ত লোকৰ তাগিদাত অব্যাহত আছে ড্ৰাগছ মাফিয়াৰ ব্যৱসায় ৷