ডিব্ৰুগড়, 6 ছেপ্টেম্বৰ :ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ এগৰাকী চিকিৎসক ৷ অসমৰ এজন আগশাৰীৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ শ্যামন্ত বৰুৱাক ৩-৫ ছেপ্টেম্বৰত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হোৱা ভাৰতৰ এছ'চিয়েশ্যন অৱ কিউটেনিয়াছ চাৰ্জন(Association of Cutaneous Surgeons of India)ৰ ১৯ তম ৰাষ্ট্ৰীয় সন্মিলনত ৰাষ্ট্ৰীয় সভাপতি(national president )ৰূপে নিৰ্বাচিত কৰা হৈছে ।
ACS(I) হৈছে অস্ত্ৰোপচাৰ আৰু এস্থেটিক ডাৰ্মাটোলজী(surgical and aesthetic dermatology)ৰ উপ-বিশেষত্বত দক্ষতা আৰু উৎকৰ্ষতা বৃদ্ধিৰ বাবে সমৰ্পিত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চৰ্মৰোগ বিশেষজ্ঞ সংস্থা । স্মৰ্তব্য যে, ডাঃ বৰুৱা হৈছে অসম আৰু উত্তৰ-পূৱ অঞ্চলৰ প্ৰথমজন চৰ্মৰোগ বিশেষজ্ঞ, যি এনে পৰ্যায়ৰ ৰাষ্ট্ৰীয় সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে । ডাঃ বৰুৱাই সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ৰ ডাৰ্মেটোলজী বিভাগ(Department of Dermatology)ৰ মুৰব্বী হিচাপে কৰ্মৰত হৈ আছে ৷ ইয়াৰোপৰি তেওঁ ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ চৰ্মৰোগ বিশেষজ্ঞ ।