মৰাণ, 26 মে’ : ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত ক'ভিড-১৯ৰ টীকাকৰণ অধিক গুৰুত্ব আৰোপ কৰিছে জিলা স্বাস্থ্য বিভাগে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনত দৈনিক বিভিন্ন স্থান আৰু কেন্দ্ৰ সমূহত ৪৫ বছৰ উৰ্ধৰ বয়সৰ লগতে ১৮ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তি সকলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে জিলাখনৰ বিভিন্ন চাহ বাগিচাৰ এলেকা সমূহতো ক'ভিডৰ টীকাকৰণ কৰি আহিছে স্বাস্থ্য বিভাগে।
ডিব্ৰুগড়ত ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ বুজ লয় উপায়ুক্তই - ক'ভিড-১৯ টিকাকৰণ কেন্দ্ৰ
ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জ্যোতি নগৰস্থিত ক'ভিড-১৯ৰ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ যাৱতীয় সা-সুবিধাসমূহৰ বিষয়ে বুজ লয় ।
ডিব্ৰুগড়ত ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ বুজ লয় উপায়ুক্তই
আনহাতে, মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জ্যোতি নগৰস্থিত মাৰোৱাৰী আৰোগ্য ভৱনত উপস্থিত হৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত স্থাপন কৰা ক'ভিড-১৯ৰ টীকাকৰণ কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ ইয়াৰ লগতে উপায়ুক্ত গৰাকীয়ে কেন্দ্ৰটোৰ চিকিৎসা কৰ্মীসকলৰ উপৰিও টীকা গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ লগত মত বিনিময় কৰে আৰু উক্ত কেন্দ্ৰটোৰ যাৱতীয় সা-সুবিধাসমূহৰ বিষয়ে বুজ লয় ।
লগতে পঢ়ক : ডিব্ৰুগড়ত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ক'ভিড টিকাকৰণ কেন্দ্ৰ