মৰাণ, 9 জুলাই : মৰাণৰ তিলৈ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনা অধীনত নিৰ্মীয়মান আবাস গৃহসমূহ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । উপায়ুক্ত গৰাকীয়ে পৰিদৰ্শনকালত আবাস গৃহ লাভ কৰা হিতাধিকাৰী সকলৰ সৈতেও মত বিনিময় কৰে । দুই এটা গৃহৰ নিৰ্মাণ কাৰ্য উচ্চ মানদণ্ডৰ হৈছে যদিও প্ৰকৃতে গৃহ নিৰ্মাণৰ কাম লেহেমীয়া গতি চলি আছে বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে দেশৰৰ গৃহহীন লোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘোষণা কৰিছিল ৷ যাৰ জৰিয়তে দেশৰ প্ৰতিটোৰ গৃহহীন তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক এটাকৈ গৃহ নিৰ্মাণ কৰি দিয়া ব্যৱস্থা কৰা হৈছিল ৷ সেই অনুসৰি এই যোজনাৰ কাম দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰ প্ৰতিখন জিলাতে আৰম্ভ কৰা হৈছিল ৷
নিৰ্মীয়মান প্ৰধানমন্ত্ৰী আবাস গৃহ পৰিদৰ্শন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ জিলাতো প্ৰধানমন্ত্ৰী আবাস গৃহ নিমাৰ্ণৰ কাম আৰম্ভ কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত জিলাখনত এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱা এক অভিযোগ উত্থাপন হয় ৷
ইফালে, সাংবাদিকে তিলৈ গাঁও পঞ্চায়তত জল জীৱন আঁচনি ৰূপায়নৰ সন্দৰ্ভত কৰা প্ৰশ্ন উত্তৰত জিলা উপায়ুক্ত গৰাকীয়ে কয়, পঞ্চায়তৰ প্ৰতিটো পৰিয়ালে যাতে বিশুদ্ধ খোৱা পানী ব্যৱস্থা লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কম দিনৰ ভিতৰত পঞ্চায়তৰ প্ৰতিটো পৰিয়ালে জল জীৱন আঁচনিৰ সুবিধা লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ৷ শুকুৰবাৰে জিলা উপায়ুক্ত গৰাকীক সংগ দিয়ে তিলৈ গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে কৰ্মচাৰী সকলে ৷
লগতে পঢ়ক: মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ