অসম

assam

ETV Bharat / state

লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান আৱাসিক কলনী পৰিদৰ্শন জিলা উপায়ুক্তৰ - প্ৰধানমন্ত্ৰী আৱাস যোজনা

ডিব্ৰুগড় লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান অৱস্থাত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসিক কলনীৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'লে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

পল্লৱ গোপাল ঝা
পল্লৱ গোপাল ঝা

By

Published : Dec 8, 2020, 10:10 AM IST

মৰাণ, 8 ডিচেম্বৰ:ডিব্ৰুগড় জিলাৰ জয়পুৰ উন্নয়ন খণ্ডৰ অধীনৰ লেঙেৰীজান চাহ বাগানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত বাগানখনৰ শ্ৰমিকসকলৰ বাবে নিৰ্মীয়মান অৱস্থাত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এক আৱাসিক কলনীৰ অগ্ৰগতিৰ বুজ ল'লে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ আৱাসিক কলনী চৌহদত উপস্থিত হৈ তেওঁ জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাই আৰু অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়াৰ সৈতে আৱাসিক কলনীটো অত্যাধুনিক ৰূপত সজাই তোলাৰ বাবে অইলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰে ৷

লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান আৱাসিক কলনী পৰিদৰ্শন জিলা উপায়ুক্তৰ

আলোচনাৰ অন্তত আৱাসিক কলনীত এখন শিশু-উদ্যান, প্ৰৱেশ তোৰণ, প্ৰতিটো আৱাসগৃহৰ বিপৰীতে ব্যক্তিগত শৌচালয়, পানীযোগান ব্যৱস্থা, এটা দক্ষতা বিকাশ কেন্দ্ৰ, পথ উন্নীতকৰণ আদি ব্যৱস্থা গঢ়ি তোলাৰ দিশত অইলে সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ পৰিদৰ্শনকালত উপায়ুক্ত ঝাৰ সৈতে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীও উপস্থিত থাকে ৷

লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান আৱাসিক কলনী

লগতে পঢ়ক:কাপৰ সৈতে চোবাই খাব পৰা একাপ বিশেষ চাহ

ABOUT THE AUTHOR

...view details