ডিব্ৰুগড়, 26 মে’: ৰাজ্যৰ নগৰ চহৰ সমূহত উদ্ভৱ হোৱা কৃত্ৰিম বানৰ সমস্যা ইয়াৰ বাসিন্দা সকলৰ বাবে দীৰ্ঘদিন ধৰি মূৰৰ কামোৰণি হৈ আছে ৷ কিন্তু, প্ৰায়েই কৃত্ৰিম বান নিয়ন্ত্ৰণত ব্যৰ্থ হৈ আহিছে ইখনৰ পিছত সিখন চৰকাৰৰ লগতে জিলা প্ৰশাসন সমূহ ৷ এনে সময়তে ক'ভিডৰ দ্বিতীয়টো লহৰৰ সৈতে যুদ্ধ চলি থকা সত্বেও ডিব্ৰুগড় চহৰৰ লগতে চহৰখনৰ কাষৰীয়া অঞ্চল সমূহৰ পথৰ কাষৰ নলা সমূহ পুনৰ নিৰ্মাণ কৰি কৃত্ৰিম বানৰ পৰা ডিব্ৰুগড়ৰ ৰাইজক ৰক্ষা কৰিবলৈ ডিব্ৰুগড় প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে ।
ডিব্ৰুগড় চহৰত নলা নিৰ্মাণৰ কাম পৰিদৰ্শন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ - অতিৰিক্ত উপায়ুক্ত
ডিব্ৰুগড় জিলা প্ৰশাসনে চহৰ খনৰ লগতে চহৰখনৰ কাষৰীয়া অঞ্চল সমূহৰ পথৰ কাষৰ নলা সমূহ পুনৰ নিৰ্মাণ কৰি কৃত্ৰিম বানৰ পৰা ডিব্ৰুগড়ৰ ৰাইজক ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনে সময়তে উপায়ুক্ত পল্লৱ গোপাল ঝাই চহৰ খনৰ মিলন নগৰত উপস্থিত হৈ নলা নিৰ্মাণৰ কাম পৰিদৰ্শন ৷
![ডিব্ৰুগড় চহৰত নলা নিৰ্মাণৰ কাম পৰিদৰ্শন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ Deputy commissioner of Dibrugarh visited drainage management work](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11900148-800-11900148-1621995323454.jpg)
মঙলবাৰে, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পশ্চিম মিলন নগৰৰ কিউ লেনত উপস্থিত হৈ নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ দ্বাৰা চি.আই.ডি.এফ আঁচনিৰ জৰিয়তে চলি থকা নলা নিৰ্মাণৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰে ৷ উপায়ুক্ত গৰাকীয়ে লগতে উক্ত স্থানত নলা নিৰ্মাণৰ ক্ষেত্ৰত সৃষ্টি হোৱা ভূমি সংক্ৰান্তীয় বিসংগতি সমূহ নিস্পত্তি কৰি অতি সোনকালে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্রদান কৰে । এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, পশ্চিম ডিব্ৰুগড় ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীও উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সৈতে উপস্থিত থাকে ।