অসম

assam

ETV Bharat / state

ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয় পৰিদৰ্শন পল্লৱ গোপাল ঝাৰ - অইল ইণ্ডিয়া লিমিটেড

ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়(Dr John berry white medical school) ৰ ভৱনৰ চলিত অৱস্থাত থকা সংস্কৰণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ কৰ্মস্থলী পৰিদৰ্শন কৰে । ৪ মাহৰ ভিতৰত এই প্ৰকল্পৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ।

Dr John berry white  medical school
ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ পৰিদৰ্শন পল্লৱ গোপাল ঝাৰ

By

Published : Jul 10, 2021, 1:50 PM IST

মৰাণ, 10 জুলাই : ডিব্ৰুগড়স্থিত ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়(Dr John berry white medical school) ৰ ভৱনৰ সংস্কৰণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে । শুকুৰবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ ভৱনৰ সংস্কৰণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ কৰ্মস্থলী পৰিদৰ্শন কৰে । উপায়ুক্ত গৰাকীক সংগ দিয়ে ইনটেক (Indian National Trust for Art and Cultural Heritage)ও অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়াসকলে ৷

ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ পৰিদৰ্শন পল্লৱ গোপাল ঝাৰ

উপায়ুক্ত গৰাকীয়ে ইনটেক (Indian National Trust for Art and Cultural Heritage) ৰ বিষয়ববীয়াক পৰৱৰ্তী ৪ মাহৰ ভিতৰত এই প্ৰকল্পৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । ঐতিহ্যমণ্ডিত ভৱনটোৰ সংস্কৰণৰ কামসমূহ অইল ইণ্ডিয়া লিমিটেড(Oil India Limited)ৰ অন্তৰ্গত সামাজিক দায়বদ্ধতা (CSR) আঁচনিৰ অধীনত কৰা হৈছে ৷ এই প্ৰকল্পটো কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগেই ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ ভৱনটো চিকিৎসা সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হ’ব ।

ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ পৰিদৰ্শন পল্লৱ গোপাল ঝাৰ

ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়খন উত্তৰণ ঘটাই ১৯৪৭ চনত অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা হয় ।

ড৹ জন বেৰী হোৱাইট চিকিৎসা বিদ্যালয়ৰ পৰিদৰ্শন পল্লৱ গোপাল ঝাৰ

লগতে পঢ়ক: কাৰ পক্ষত থাকিব অখিল গগৈ; বীৰ লাচিত সেনা নে আমছু !

ABOUT THE AUTHOR

...view details