অসম

assam

ETV Bharat / state

মৰাণত ক'ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিৰ্মীয়মান ক'ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

By

Published : May 20, 2021, 3:58 PM IST

মৰাণত ক'ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ
মৰাণত ক'ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন ডিব্ৰুগড় জিলা উপায়ুক্তৰ

মৰাণ, 20 মে’ : ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত ক'ভিড ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে । ইতিমধ্যে মৰাণৰ খোৱাঙত বহু কেইগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । প্ৰতিদিনে কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক'ভিড চিকিৎসা কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে তৎপৰ হৈছে ।

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত নিৰ্মীয়মান ক'ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে । ১০০ গৰাকী ৰোগীৰ বাবে নিৰ্মাণ হৈ থকা ক'ভিড চিকিৎসা কেন্দ্ৰটো পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে মৰাণ আৰু খোৱাঙত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ বাবে ক'ভিড চিকিৎসা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে ।

মৰাণত ডিব্ৰুগড় জিলা উপায়ুক্তৰ ক'ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন

আনহাতে, স্বাস্থ্য বিভাগ, আৰক্ষীৰ লগতে সকলো বিভাগৰ কৰ্মীয়ে ক'ভিড প্ৰতিৰোধৰ বাবে কাম কৰি আছে, সকলোৱে মিলি আমি ক'ভিড প্ৰতিৰোধ কৰিব পাৰিম বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে । একে সময়তে সকলো ঠাইতে প্ৰশাসন আৰু আৰক্ষীয়ে চকু দিয়াটো সম্ভৱ নহয় গতিকে সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনালে উপায়ুক্ত পল্লৱ গোপাল ঝাই ।
লগতে পঢ়ক : কাকজান চাহ বাগিচাত 21 খন বিচনাযুক্ত ক’ভিড ৱাৰ্ড গঠন

ABOUT THE AUTHOR

...view details