অসম

assam

অসম চিকিৎসা মহাবিদ্যালয়ৰ অগ্নিকাণ্ডৰ বুজ ললে জিলা উপায়ুক্তই

By

Published : Nov 10, 2020, 7:27 PM IST

অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত শীঘ্ৰে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে জিলা উপাযুক্তই ৷

Deputy commissioner of Dibrugarh visited AMCH to know details about fire incident
অসম চিকিৎসা মহাবিদ্যালয়ৰ অগ্নিকাণ্ডৰ বুজ লয় জিলা উপায়ুক্তই

মৰাণ, ১০ নবেম্বৰ: অসম চিকিৎসা মহাবিদ্যালয়ৰ মাতৃ আৰু শিশু যতন বিভাগত ৮ নৱেম্বৰত হোৱা অগ্নিকাণ্ডক লৈ বৰ্তমানো মহাবিদ্যালয়খনত বিৰাজ কৰি আছে আতংকময় পৰিবেশৰ । মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ অগ্নিকাণ্ড সংঘটিত হোৱা এন আই চি ইউতো পৰিদৰ্শন কৰে ৷ জিলাৰ উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ইন্দ্ৰ চুতীয়া উপস্থিত থাকে ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ অগ্নিকাণ্ডৰ বুজ লয় জিলা উপায়ুক্তই

উপায়ুক্তগৰাকীয়ে অগ্নিকাণ্ড সংঘটিত হোৱাৰ স্থান পৰিদৰ্শন কৰি অতি সোনকালে লোক নিৰ্মাণ বিভাগৰ বৈদ্যুতিক শাখাক ঘটনা সম্বন্ধে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তেওঁ লগতে অগ্নি নিৰ্বাপণ বাহিনীকো ভৱনত অগ্নি নিৰ্বাপণৰ বাবে থকা সামগ্ৰীৰ সঠিক প্ৰয়োগ সন্দৰ্ভত বিভাগটোত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদানৰ নিৰ্দেশ দিয়ে ৷ উপায়ুক্ত ঝাই লগতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে উক্ত ভৱনটো অডিট কৰাৰো নিৰ্দেশ দিয়ে ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ অগ্নিকাণ্ডৰ বুজ লয় জিলা উপায়ুক্তই

লগতে পঢ়ক: যোৰহাটৰ গ্ৰীণ ভিউ ৰিজৰ্টৰ স্বতাধিকাৰীক আটক

ABOUT THE AUTHOR

...view details