অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ - dibrugarh news

বুধবাৰে ডিব্ৰুগড়ত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত মিলিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা (Pallav Gopal Jha) ৷ সভাত জিলাখনত স্থবিৰ অৱস্থাত থকা স্বচ্ছ ভাৰত মিচন, জল জীৱন আঁচনি ইত্যাদিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত ঝাই ৷

dibrugarh deputy commissioner meeting
ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ বৈঠক

By

Published : Jun 16, 2021, 11:02 PM IST

মৰাণ, 16 জুন : বিগত বহু বছৰ ধৰি ডিব্ৰুগড় জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগ(Public Health Department)ৰ প্ৰায়সমূহ আঁচনি অসম্পূৰ্ণ হৈ আছে । বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলাখনৰ বিভিন্ন ঠাইত পানী যোগান আঁচনিৰ যি প্ৰকল্প নিৰ্মাণ কৰিছিল, সেই সকলোবোৰ বিকল হৈ পৰা পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগটো কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা (Pallav Gopal Jha)ই ৷

ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ বৈঠক

জিলা উপায়ুক্তৰ সভাপতিত্বত আৰু জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী (Partha Pratim Bairagi)ৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় । উক্ত সভাত প্ৰধানকৈ বিভাগৰ অন্তৰ্গত বিভিন্ন স্থবিৰ অৱস্থাত থকা আঁচনিসমূহ যেনে- স্বচ্ছ ভাৰত মিচন, জল জীৱন আঁচনি ইত্যাদিৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় । লগতে বিভাগীয় কৰ্তৃপক্ষক এই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কৰিবলগীয়া বিভাগীয় কামসমূহ শীঘ্ৰেই নিষ্পত্তি কৰি আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ।

ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ বৈঠক

লগতে পঢ়ক :'আৰা'ৰ প্ৰথমটো ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details