মৰাণ, ২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবে ডিব্ৰুগড়ৰ লেঙেৰীজান চাহ বাগিছাত আবাসিক কলনী নিৰ্মাণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে লেঙেৰীজান চাহ বাগিছাত পূৰ্ণ গতিত নিৰ্মাণ হৈছে শ্ৰমিকসকলৰ আবাস গৃহৰ নিৰ্মাণকাৰ্য ।
লেঙেৰীজানত চাহ শ্ৰমিকৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ - লেঙেৰীজান চাহ বাগিছা
ডিব্ৰুগড়ৰ লেঙেৰীজান চাহ বাগিছাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত চাহ শ্ৰমিকসকলৰ বাবে নিৰ্মাণ কৰা হৈছে বাসগৃহ । মঙলবাৰে লেঙেৰীজান চাহ বাগিছাত উপস্থিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । গৃহ নিৰ্মাণৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে ।

মঙলবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নিৰ্মীয়মান আদৰ্শ আবাসিক কলনীখন পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ৷ নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী, জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ সৈতে আবাসিক কলনী পৰিদৰ্শন কৰা সময়ত উপায়ুক্তগৰাকীয়ে নিৰ্মাণকাৰ্য এসপ্তাহৰ ভিতৰত শেষ কৰাৰ বাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ৷
উল্লেখ্য যে, এই আদৰ্শ আবাসিক কলনীৰ অধীনত মুঠ ২৭টা বাসগৃহৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ আনহাতে, বছৰ বছৰ ধৰি অতি কষ্টৰ মাজেৰে ভগা জুপুৰিত দিন অতিবাহিত কৰা শ্ৰমিকসকলে গৃহ নিৰ্মাণক লৈ আনন্দিত হৈ পৰিছে ।
লগতে পঢ়ক:বিশ্ব জলাশয় দিৱসত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য়চিত্ৰ মুকলি