অসম

assam

ETV Bharat / state

COVID-১৯ঃ অধিক সতৰ্ক হোৱাৰ নিৰ্দেশ ডিব্ৰুগড় জিলা উপায়ুক্তৰ - ডিব্ৰুগড় জিলা প্ৰশাসন

সমগ্ৰ দেশ তথা ৰাজ্যত পুনৰ বৃদ্ধি পাইছে COVID-১৯ মহামাৰীৰ সংক্ৰমণ । সেয়ে, আগতীয়াকৈ সাৱধনতা অৱলম্বন কৰি মহামাৰীৰ সংক্ৰমণ ৰোধৰ প্ৰয়াস কৰিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । মঙলবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ।

COVID-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱাৰ নিৰ্দেশ ডিব্ৰুগড় জিলা উপায়ুক্তৰ
COVID-১৯ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱাৰ নিৰ্দেশ ডিব্ৰুগড় জিলা উপায়ুক্তৰ

By

Published : Mar 30, 2021, 7:25 PM IST

মৰাণ, ৩০ মাৰ্চ: COVID-১৯ মহামাৰীৰ সংক্ৰমণ সন্দৰ্ভত মঙলবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত মহামাৰীৰ সংক্ৰমণ সম্বন্ধে জিলাখনৰ চিকিৎসকৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয় ।

জিলা উপায়ুক্তগৰাকীয়ে চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলক জিলাখনৰ বিমানবন্দৰ, ৰে'লৱে ষ্টেছন, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান আদিত COVID-১৯ পৰীক্ষা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে হোম আইছ'লেছনত থকা ৰোগীসকলৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

ইয়াৰ উপৰিও বৰ্তমান জিলাখনত COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা বিষয়েও বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা জিলা উপায়ুক্তগৰাকীয়ে । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) তপন কুমাৰ গোঁহাই, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কৃষ্ণা কেম্প্ৰাই, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ গৌৰীশংকৰ গগৈ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:জয়ন্ত মল্ল বৰুৱাৰ অন্তিম প্ৰচাৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details