অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বসন্ত খাদ্য আৰু বস্ত্ৰমেলা

ডিব্ৰুগড়ত বসন্ত খাদ্য আৰু বস্ত্ৰমেলাৰ উদ্বোধন জিলা উপায়ুক্তৰ । বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে এই মেলাখনত ।

ডিব্ৰুগড়ত বসন্ত খাদ্য আৰু বস্ত্ৰ মেলা
ডিব্ৰুগড়ত বসন্ত খাদ্য আৰু বস্ত্ৰ মেলা

By

Published : Apr 8, 2021, 5:06 PM IST

মৰাণ,৮ এপ্ৰিল: পদূলি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ বাপতি সাহোন বিহুটিক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশ ৷ সেই উপলক্ষে বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বসন্ত খাদ্য আৰু বস্ত্ৰমেলা । অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, নগৰীয়া অভিযান পৰিচালনা শাখা ডিব্ৰুগড়ৰ উদ্যোগত আৰু নগৰীয়া পৰ্যায়ৰ সংস্থা, আঞ্চলিক পৰ্যায়ৰ সংস্থা আৰু আত্মসহায়ক গোটৰ সহযোগত ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হয় এই মেলাখনি ।

ডিব্ৰুগড়ত বসন্ত খাদ্য আৰু বস্ত্ৰ মেলাৰ উদ্বোধন জিলা উপায়ুক্তৰ

বসন্ত খাদ্য আৰু বস্ত্ৰ মেলাখনৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । উল্লেখযোগ্য যে, এই মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে । বৃহস্পতিবাৰৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ লগতে বহু কেইগৰাকী আত্মসহায়ক গোটৰ সদস্য-সদস্যা উপস্থিত থাকে ।

লগতে পঢ়ক: তিনি তৰপীয়া সুৰক্ষা বেষ্টনীৰ মাজত শোণিতপুৰ জিলাৰ ষ্ট্ৰং ৰুম

ABOUT THE AUTHOR

...view details