অসম

assam

ETV Bharat / state

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভা - ডিব্ৰুগড় জিলা উপায়ুক্ত

ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ক'ভিড ১৯ সন্দৰ্ভত এক পৰ্যালোচনা সভা ৷ ক'ভিড আক্ৰান্ত ৫০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে হোম আইচ’লেশ্যনৰ বিষয়ে জাৰি কৰা নতুন নিয়ম সন্দৰ্ভতো কৰিলে আলোচনা ৷

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভা
ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভা

By

Published : May 19, 2021, 10:44 PM IST

মৰাণ, 19 মে’:ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত । ক'ভিড পৰিস্থিতিক লৈ বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক, খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক সকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ উপস্থিতিত ক'ভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰি থকা বিভিন্ন দিশ সমূহৰ ওপৰত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

সভাত উপায়ুক্ত গৰাকীয়ে সংক্ৰমিত ব্যক্তি বিশেষকৈ ৫০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে হোম আইচ’লেশ্যনৰ বিষয়ে জাৰি কৰা নতুন নিয়ম, চিকিৎসালয় সমূহত সকলো সময়তে চিকিৎসকৰ উপস্থিতি, দৈনিক অধিক কৈ ক'ভিড পৰীক্ষা আৰু কনটেক্ট ট্ৰেচিং কৰা পৰ্যাপ্ত এম্বুলেঞ্চৰ সুবিধা আদিৰ বিষয়ে বিতং ভাবে চিকিৎসক আৰু বিষয়া সকলৰ সৈতে আলোচনা কৰে ।

বুধবাৰে আয়োজিত এই সভাত জিলা উন্নয়ন আয়ুক্ত পার্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে তপন কুমাৰ গোহাঁই ,ৰঞ্জিত কোঁৱৰ আৰু জিতু কুমাৰ দাসো উপস্থিত থাকে ।

লগতে পঢ়ক : আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ

ABOUT THE AUTHOR

...view details