অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক - dibrugarh administration

মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সৈতে ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত উপায়ুক্ত গৰাকীয়ে, বৰ্তমান পৰিস্থিতিত বজাৰ সমূহত বিভিন্ন লোকে ভিৰ কৰাৰ ফলত গণ-সংক্ৰমণ হোৱাৰ আশংকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে এনে ধৰণৰ কাৰ্য প্ৰশাসনৰ দৃষ্টিগোচৰ হ'লে আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় ।

ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক
ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : May 12, 2021, 9:27 AM IST

মৰাণ, 12 মে’ : গুৱাহাটীৰ পাছতেই ডিব্ৰুগড়তো ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড ৰোগীৰ সংখ্যা । মহামাৰী কৰ’ণাৰ এই ভয়ংকৰ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ কঠোৰ হৈছে ডিব্ৰুগড় প্ৰশাসন । মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত চহৰখনৰ শাক-পাচলি আৰু ফল-মূলৰ পাইকাৰী ব্যৱসায়ী তথা বজাৰ সন্থাৰ প্ৰতিনিধি সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় ।

ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত উপায়ুক্ত গৰাকীয়ে, বৰ্তমান পৰিস্থিতিত বজাৰ সমূহত বিভিন্ন লোকে ভিৰ কৰি বজাৰ কৰিবলৈ অহাতো অতি বিপদজনক, কিয়নো ইয়াৰ পৰা ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকাৰ বিষয়ে উল্লেখ কৰে । লগতে উপায়ুক্ত গৰাকীয়ে এনে ধৰণৰ কাৰ্য প্ৰশাসনৰ দৃষ্টিগোচৰ হ'লে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় । সেয়েহে ব্যৱসায়ী সকলক এই ক্ষেত্ৰত অধিক সজাগ সচেতন হ’বলৈ কোৱাৰ লগতে বজাৰ সমূহত যাতে কোনো লোকে অযথা ভিৰ কৰিব নোৱাৰে তাৰ প্ৰতি ব্যৱসায়ী সকলক নজৰ ৰাখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে ব্যৱসায়ী সকলক প্ৰশাসনৰ তৰফৰ পৰা বজাৰৰ পৰিৱৰ্তে ঘৰে ঘৰে গৈ শাক পাচলি বা ফল মূল বিক্ৰীৰ ওপৰত জোৰ দিবলৈ কয় কাৰণ ইয়াৰ দ্বাৰা জনসমাগম বা ভিৰ পৰিহাৰ কৰিব পৰা যায় । আনহাতে, বৰ্তমান সকলো ব্যৱসায়ীয়ে যাতে গ্ৰাহকৰ পৰা যি কোনো বস্তুৰ বিনিময়ত উচিত মূল্য লোৱাৰ লগতে কোনোধৰণৰ মূল্য বৃদ্ধি নকৰে এই ক্ষেত্ৰতো প্ৰশাসনে চোকা দৃষ্টি ৰাখিব বুলি সভাক জনাই উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক : তেলেংগানাত 10 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা

ABOUT THE AUTHOR

...view details