অসম

assam

ETV Bharat / state

কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণৰ বুজ ডিব্ৰুগড়ৰ উপায়ুক্তৰ - ডিব্ৰুগড় উপায়ুক্ত

ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মীয়মান কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি তথা আন আন দিশসমূহৰ বিষয়ে বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয় ৷

Deputy commissioner of Dibrugarh attend an important meeting about Cancer Hospital
কেন্সাৰ হাস্পতালৰ নিৰ্মাণৰ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কে ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

By

Published : May 25, 2021, 7:23 AM IST

মৰাণ,25 মে’: ক'ভিড প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় স্বাস্থ্য বিভাগ তথা ডিব্ৰুগড় প্ৰশাসনে তৎপৰতাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবেও কাম আৰম্ভ কৰিছে । ইতিমধ্যে বহু কোটি টকাৰে অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈছে কেঞ্চাৰ হাস্পতাল ।

কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণৰ বুজ ডিব্ৰুগড়ৰ উপায়ুক্তৰ

সোমবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈ থকা কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে হাস্পতালখনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি তথা আন দিশসমূহৰ বিষয়ে বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয় ৷ ইয়াৰ লগতে হাস্পতালখনৰ জৰিয়তে ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে বাকী থকা কামসমূহ নিৰ্ধাৰিত সময়ত সমাপ্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে ৷

কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণৰ বুজ ডিব্ৰুগড়ৰ উপায়ুক্তৰ

উল্লেখ্য যে, উক্ত বৈঠকত লোক নিৰ্মাণ(গৃহ) বিভাগৰ বিষয়া, এপিডিচিএলৰ বিষয়া, এলএনটিৰ বিষয়ববীয়া আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ক'ভিড প্ৰটকল ভংগ কৰি নলবাৰীৰ বিদ্যুত সংমণ্ডল কাৰ্যালয়ত ভোজভাত

ABOUT THE AUTHOR

...view details