মৰাণ,26 ছেপ্তেম্বৰঃ কেৱল মাত্ৰ শ্ল'গানতহে যেন আবদ্ধ ৰাজ্য চৰকাৰৰ উন্নয়ন ৷ পুনৰ ফাদিল হ'ল উন্নয়নৰ ফোঁপোলা স্বৰপ ৷ মৰাণ সমষ্টি খোৱাঙৰ বৰফুকন আলিৰ জৰাজীৰ্ণ বাট-পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিভাগীয় চৰকাৰী বৰমূৰীয়াৰ হেমাহিৰ বাবে অতি ব্যস্ত পথটোৱে ক্ৰমাৎ বিধ্বস্ত ৰূপ ল’বলৈ আৰম্ভ কৰিছে । পথটোৰ খোৱাং আজাগুৰিৰ পৰা শেনচোৱা পুখুৰীলৈকে প্ৰায় দহ কিলোমিটাৰ পথ অতিকৈ জৰাজীৰ্ণ হৈ পৰিছে । বিশেষকৈ খোৱাং আজাগুৰিৰ পৰা বাঘটলী পথাৰ গাঁৱলৈকে পথটোৰ বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে ।
ইপিনে, মৰাণৰ গড়কাপ্তানি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ অন্তৰ্গত পথটো মেৰামতিৰ বাবে ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ তদুপৰি স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বিভিন্ন দলীয় কাম কাজৰ বাবে এই পথটোৱেই অহা-যোৱা কৰে যদিও মেৰামতিৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা নাই । যাৰ বাবে কেৱল নিৰ্বাচনী অংকত মনোনিৱেশ কৰি থকা বিধায়কজনক ধিক্কাৰ দিয়ে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৷