শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ : অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ কাণ্ডই জোকাৰি গৈছে ৰাজ্যৰ সচেতন ৰাইজক ৷ বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই শুভলক্ষ্মী দত্তক গৃহ বিভাগে ৰিজাৰ্ভ ক্লজ কৰিলে যদিও আৰক্ষী বিষয়াগৰাকীক কঠোৰ শাস্তি দিবলৈ ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰিছে ৷
শনিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মীৰ দত্তৰ নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলা গৰাকী সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ডিব্ৰুগড়ৰ আস্থা হাস্পতালত সংকটজনক অৱস্থাত 28 আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল লক্ষীমপুৰ জিলাৰ ভুক্তভোগী মহিলাগৰাকী ৷ শনিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পৰত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নিৰ্যাতিতা মহিলাগৰাকীয়ে পুনৰ আনিলে বিস্ফোৰক অভিযোগ ৷
ভুক্তভোগী মহিলাগৰাকীয়ে দিয়া গোচৰ প্ৰত্যাহাৰৰ বাবে বাৰে বাৰে ফোনযোগে হেঁচা দিয়াৰ অভিযোগ অভিযুক্ত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৷ আনকি অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ধনৰ লালসা দিয়া বুলিও অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ অতি অমানৱীয়ভাৱে নিৰ্যাতন চলোৱাৰ পিছতো স্বাস্থ্যৰ বুজ ল'বলৈকো মানৱীয় সহানুভূতি নথকা শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে ৷
ইফালে নিৰ্যাতনৰ পিছৰে পৰা চিকিৎসালয়ৰ ব্যয় কোনে বহন কৰিছে সেই বিষয়ে অজ্ঞাত ভুক্তভোগীৰ পৰিয়াল ৷ যাক লৈ পৰিয়ালৰ লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে ৷ শুকুৰবাৰে ভুক্তভোগী মহিলাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে ৷ ইফালে সমগ্ৰ ঘটনাৰ অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে চাহ মজদুৰ সংঘৰ মহিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে ৷
লগতে পঢ়ক :Silsako Eviction : উচ্ছেদৰ নামত শিলসাঁকোত মানৱ অধিকাৰ উলংঘন হৈছে,উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে ৰিপুন বৰাই