ডিব্ৰুগড়,২৬ অক্টোবৰ: সমাগত লোকসভা নিবাৰ্চন । নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ লগতে বিৰোধী দলসমূহেও আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । ইয়াৰ মাজতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ । টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ বাবে দীর্ঘদিনে দাবী জনাই আহিছে যদিও প্ৰতিখন চৰকাৰে বাৰে বাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ।
বিগত দুটাকৈ লোকসভা নিৰ্বাচন আৰু অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসনলৈ আহিলে বিজেপি দলে টাই আহোমসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও শাসনলৈ অহাৰ পাছত সেই প্রতিশ্রুতি পালন নকৰি চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে টাইপাৰ নৱ-নিৰ্বাচিত সভাপতি দিগন্ত তামুলীয়ে । টাই আহোমক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিৰ বিৰুদ্ধে অসমজুৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে কৰিলে টাইপাই ।