ডিব্ৰুগড়, 21 মেঃ সংকটত দিহিং পাটকাই অভয়াৰণ্য । 'আমাজন অব ইষ্ট' হিচাপে খ্যাত অভয়াৰণ্যখনৰ বুকুত চৰকাৰে কয়লা খননৰ অনুমোদন দিয়া কাৰ্য্যক একেমুখে বিৰোধীতা ৰাজ্যৰ প্ৰকৃতি প্ৰেমী, দল-সংগঠন আৰু সচেতন মহলৰ । চ'ছিয়েল মিডিয়াটো ইয়াক লৈ গঢ়ি তোলা হৈছে আন্দোলন । এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে, দিহিং পাটকাইৰ 57'20 হেক্টৰ ভূমি খনন হৈছে।ইয়াৰ পাছত পুনৰ 98'59 হেক্টৰ ভূমি খননৰ অনুমোদন কোনো পধ্যেই মানি লোৱা নহ'ব ।
দিহিং পাটকাইত কয়লা খননৰ অনুমতিক লৈ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈ আৰু কল্যাণ ভূঞাৰ দিহিং পাটকাই কয়লা অনুমোদনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ যুৱ প্ৰজন্ম । ইয়াৰ বিৰুদ্ধে চ'ছিয়েল মিডিয়াত #SaveDehingPatkai নামেৰে এক অনলাইন আন্দোলন গঢ়ি তুলিছে ।
জৈৱ বৈচিত্ৰৰে ভৰা দিহিং পাটকাইত কয়লাখনন সন্দৰ্ভত ভূতত্ববিদ ড৹ বিজয় কৃষ্ণ চেতিয়ায়ো নিজৰ মতাতমত প্ৰকাশ কৰে । তেখেতে কয় যে, কয়লাৰ মুক্ত খননৰ বাবে যি অনুমতি প্ৰদান কৰা হৈছে যদিও সেই অঞ্চলটো দিহিং পাটকাই অভয়াৰণ্যৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্ভূক্ত নহয় কিন্তু ই দিহিং পাটকাই হস্তী বনাঞ্চলৰ অন্তৰ্ভূক্ত । সেয়েহে এই অঞ্চলটোৰ জৈৱ বৈচত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰটো চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো জৰুৰী বুলি মন্তব্য কৰে ভূতত্ববিদ গৰাকীয়ে । আনহাতে, হস্তী বনাঞ্চলত খননকাৰ্য চলালে ইয়াৰ পৰা হস্তী মানুহৰ সংঘাত বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰে বিজয় কৃষ্ণ চেতিয়াই ।
ভূতত্ববিদ বিজয় কৃষ্ণ চেতিয়াৰ মন্তব্য কয়লা খননৰ বিৰুদ্ধে চৌদিশে চলি থকা প্ৰতিবাদৰ মাজতে চৰকাৰে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হৈ পৰিব ।
লগতে পঢ়ক- তৈলক্ষেত্ৰ বিক্ৰী বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি