মৰাণ, 6 জুন : চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা সময়তে বন বিভাগৰ দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবেই ধ্বংস হৈ পৰিছে ডিব্ৰুগড়ৰ জকাই বনাঞ্চল । কেইবা হাজাৰ বিঘাৰ মাটিকালি জুৰি থকা এই বনাঞ্চল খনত প্ৰতি দিনেই মূল্যবান গছ সমূহ কাটি শেষ কৰিছে দুষ্কৃতিকাৰীয়ে ।
দল সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতো বন বিভাগে বহু মূল্যবান গছ-গছনি থকা বনাঞ্চলখন সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । বনাঞ্চলখনৰ চাৰিসীমাৰ এইপৰ্যন্ত উন্মুক্ত হৈ থাকিল । ফলত বিনা বাধাৰে বনাঞ্চলখন ধ্বংস কৰিছে দুষ্কৃতিকাৰীয়ে । ইফালে বনাঞ্চলৰ কাষতে লাগি থকা জকাই বন বিষয়া কাৰ্যালয়ৰ পৰা বন ধ্বংসৰ বাবে হাত উজান দিয়া বুলি ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে ।