অসম

assam

By

Published : Mar 31, 2021, 7:54 PM IST

ETV Bharat / state

অবাধ বনধ্বংসই অশনি সংকেট কঢ়িয়াইছে পূবৰ আমাজনলৈ

ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ পূৱৰ আমাজন ৷ অবাধ বন ধ্বংসই অশনি সংকেট কঢ়িয়াই আনিছে দিহিং পাটকাইলৈ ৷ 2004 চনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ 9000 বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি বনপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল দিহিং পাটকাইক ৷ কিন্তু বিভিন্ন প্ৰজাতিৰ লগতে বিলুপ্তপ্ৰায় হলৌ বান্দৰ আৰু 108টা প্ৰজাতিৰ অৰ্কিড বন্যপ্ৰাণী থকা অভয়াৰণ্যখনত দীৰ্ঘদিনৰ পৰা একাংশ লোকে অবাধে চলাই আহিছে বন ধ্বংস কাৰ্য ৷ অভয়াৰণ্যখনৰ চৰাইপুং ৰেঞ্জৰ বন বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগতে দুস্কৃতিকাৰীয়ে চলাইছে বনজ সম্পদৰ ধ্বংস যজ্ঞ ৷

দিহিং পাটকাইৰ ভিতৰত অবাধ বনধ্বংস যজ্ঞ
দিহিং পাটকাইৰ ভিতৰত অবাধ বনধ্বংস যজ্ঞ

মৰাণ, 31মাৰ্চ: 2004 চনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ 9000 বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি বনপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল দিহিং পাটকাইক ৷ কিন্তু বিভিন্ন প্ৰজাতিৰ লগতে বিলুপ্তপ্ৰায় হলৌ বান্দৰ আৰু 108টা প্ৰজাতিৰ অৰ্কিড বন্যপ্ৰাণী থকা অভয়াৰণ্যখনত দীৰ্ঘদিনৰ পৰা একাংশ লোকে অবাধে চলাই আহিছে বন ধ্বংস কাৰ্য অভয়াৰণ্যখনৰ চৰাইপুং ৰেঞ্জৰ বন বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বতে দুস্কৃতিকাৰীয়ে চলাইছে বনজ সম্পদৰ ধ্বংস যজ্ঞ ৷

দিহিং পাটকাইৰ ভিতৰত অবাধ বনধ্বংস যজ্ঞ

বন্যপ্ৰাণী অভয়াৰণ্যখনত বনদস্যুৰ লগতে, অইল ইণ্ডিয়াৰ খননত নিগৰিত হোৱা খাৰুৱা তেল আৰু খাদসমূহ উন্মুক্ত অৱস্থাত ৰখাৰ বাবেই চৰম ভাবুকি নামি আহিছে অভয়াৰণ্যখনৰ বনৰীয়া জীৱ-জন্তু তথা পক্ষীকুললৈ ৷ 23,165 বৰ্গ কিলোমিটাৰ অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ লগে লগে উদ্যানখনৰ বুকুত বসবাস কৰা জীৱ-জন্তুৰ প্ৰতি নামি আহিছে সংশয় ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, ডিগবৈ বন-সংমণ্ডলৰ অধীনস্থ আঞ্চলিক বন কাৰ্যালয়সমূহৰ দুৰ্বলতাৰ বাবেই দুষ্ট চক্ৰই অবাধে বিচৰণ কৰিছে উদ্যানখনৰ বুকুত ৷ দুষ্ট চক্ৰই নিতৌ বনাঞ্চলৰ বুকুত এফালৰ পৰা গছ-গছনি কাটি মশীমূৰ কৰাৰ পাচতো কোনো খবৰ নাই বন বিভাগৰ ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল ৷ অবৈধ কাঠফলা মিলৰ গৰাকীৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বন বিভাগে কি ভূমিকা পালন কৰিব সেয়াহে লক্ষনীয় হ'ব ৷

ABOUT THE AUTHOR

...view details