মৰাণ,22 নৱেম্বৰ: বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা কৰা হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নতুন নেতৃবৰ্গৰ নাম ৷ আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ চতুৰ্থ দিনা সম্পাদক লুৰিণজ্যোতি গগৈয়ে পদত্যাগ কৰাৰ পাছতে দেওবাৰে পুৱতি নিশালৈকে অনুষ্ঠিত হোৱা বিষয়া বাচনি সভাত আছুৰ নতুন নেতৃত্বৰ নাম চূড়ান্ত হয় ৷ সেই অনুসৰি, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্বত থকা শংকৰজ্যোতি বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব লাভ কৰাৰ বিপৰীতে সভাপতিৰ দায়িত্ব লাভ কৰে দীপাংক কুমাৰ নাথে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশন আছুৰ ইতিহাসত উল্লেখনীয় হৈ ৰ'ব ৷ কাৰণ আছু ত্যাগ কৰা লুৰিণজ্যোতি গগৈকে ধৰি বহু নেতাই নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷
আছুৰ নতুন নেতৃত্বৰ নাম ঘোষণা - দীপাংক কুমাৰ নাথ
সদৌ অসম ছাত্ৰ সন্থাৰ নতুন নেতৃত্বৰ নাম ঘোষণা ৷ সভাপতি পদত বাহাল দীপাংক কুমাৰ নাথ আৰু সম্পাদক হিচাপে নিৰ্বাচিত শংকৰজ্যোতি বৰুৱা ৷
সদৌ অসম ছাত্ৰ সন্থা
তদুপৰি, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ পদ লাভ কৰে ভৱজিৎ বেজবৰুৱাৰ লগতে সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে প্ৰজ্ঞান ভূঞাই ৷ ইয়াৰ লগতে সমুদ্ৰ পাটগিৰিয়ে লাভ কৰে কাৰ্যালয় সম্পাদকৰ দায়িত্ব ৷ এক আৱেগিক পৰিৱেশৰ মাজেৰে সামৰণি পৰে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ ৷
লগতে চাওকঃCOVID-১৯ঃ দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য