ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী :ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰি শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়ক দেৱব্ৰত শইকীয়াই । সংবাদমেলত দেৱব্ৰত শইকীয়াই কয় যে, বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ কেৱল ভোটৰ বাবেই এতিয়া বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ দলটোৱে নানান আঁচনিৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰিছে ৷ কিন্তু এই কথা এতিয়া অসমৰ ৰাইজে বুজি উঠিছে ৷ বিজেপিয়ে যিমানেই প্ৰলোভন দিয়ক, এইবাৰ অসমৰ ৰাইজে বিজেপিৰ পক্ষত ৰায় নিদিয়ে ৷
বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া - ডিব্ৰুগড়
কেৱল ভোটৰ বাবেই এতিয়া বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ দলটোৱে নানান আঁচনিৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰিছে ৷ কিন্তু এই কথা এতিয়া অসমৰ ৰাইজে বুজি উঠিছে বুলি উল্লেখ কৰে বিধায়ক দেৱব্ৰত শইকীয়াই ।
আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা ‘অসম বচাও’ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে টিংখাঙৰ ৰাজগড়ত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰি বিধায়কগৰাকীয়ে ‘কা’ৰ বিপক্ষে ৰাইজক অৱস্থান কৰিবলৈ আহ্বান জনায় ৷ এই সময়ছোৱাত দেৱব্ৰত শইকীয়াক সংগ দিয়ে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, বিপুল গগৈ, টিংখাং ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৷ বিধায়ক দেৱব্ৰত শইকীয়াই ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাং, মহিলা সমিতিৰ সৈতেও মত বিনিময় কৰে ৷
লগতে পঢ়ক :আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ জুবিনৰ আহ্বান