ডিব্ৰুগড়, 18 জুন :দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুনৰ ডিব্ৰুগড়লৈ অনা হয় মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ । খড়গপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ পুনৰ ডিব্ৰুগড়ত কবৰস্থ কৰা হয় । ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে ষ্টেচনত শনিবাৰে নিশা প্ৰায় ১১:৪৫ বজাত আহি পোৱাৰ পাচতেই পোনে পোনে আমোলাপট্টী কবৰস্থানলৈ অনা হয় ৷ তাৰ পাচতে নিশা প্ৰায় 1 বজাত দ্বিতীয় বাৰৰ বাবে কবৰস্থ কৰা হয় ফাইজানক ।
দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচত কলিকতাৰ পৰা ডিব্ৰুগড়লৈ পুনৰ মৃতদেহটো আনি আমোলাপট্টী কবৰস্থানত কবৰস্থ কৰা হয় ফাইজানৰ শৱদেহ । এই সমগ্ৰ প্ৰক্ৰিয়াত ফাইজানৰ মৃতদেহৰ লগতে পশ্চিম বংগৰ আৰক্ষী আৰু ফাইজানৰ পিতৃ-মাতৃ আহিছিল ।
কলকাতা উচ্চ ন্যায়ালয়ে যোৱা ২৫ আগষ্টত দিয়া ৰায় অনুসৰি যোৱা ২৩ মে’ত কবৰৰ পৰা খান্দি উলিওৱা হৈছিল সাতমাহৰ পূৰ্বে কবৰস্থ কৰা মৃতদেহটো । 24 মে’ত কলকাতা অভিমুখে নিয়াৰ পাচত 27 মে’ত দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল অসমৰ মেধাৱী ছাত্ৰজনৰ ।