ডিব্ৰুগড়, 28 জুন:ৰাজ্যৰ 21 খন জিলা বৰ্তমান বানৰ বিভীষিকাৰ কবলত ৷ ডিব্ৰুগড়তো সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ চাবুৱাত বানৰ তাণ্ডৱ অপৰিৱৰ্তিত থকাৰ সময়তে সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰাৰ সময়তে উপযুক্ত ঠাইৰ অভাৱত প্ৰায় 45 বছৰীয়া ইৰাৱতী নৰহ নামৰ মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে নাৱত ৷ উক্ত ঘটনা সংঘটিত হৈছে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ অধীনষ্ঠ বিন্ধাকটাত ৷ বানৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ ৷
উপযুক্ত ঠাইৰ অভাৱত নাৱতে সৎকাৰ মহিলাৰ মৃতদেহ - woman deadbody burried in boat
ডিব্ৰুগড় জিলাৰ চাবুৱাত অপৰিৱৰ্তিত আছে বানৰ বিধ্বংসী ৰূপ ৷ উপযুক্ত ঠাইৰ অভাৱত প্ৰায় 45 বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে নাৱত ৷
![উপযুক্ত ঠাইৰ অভাৱত নাৱতে সৎকাৰ মহিলাৰ মৃতদেহ deadbody of an woman burried in a boat due to lack of suitable space during flood chabua dibrugarh assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7803517-thumbnail-3x2-a.jpg)
চাবুৱাত অপৰিৱৰ্তিত বান