অসম

assam

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠিল মাছ

By

Published : Nov 12, 2019, 7:11 AM IST

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত কোনো দুষ্টচক্ৰই বিষ ঢালি দিয়াৰ ফলত মৃত্যু হয় বহুটো মাছৰ ৷ ব্ৰহ্মপুত্ৰৰ পানীত মৃত সৰু-ডাঙৰ মাছ উপঙি উঠাক লৈ প্ৰতিক্ৰিয়া প্ৰকৃতিপ্ৰেমী সৌম্যদ্বীপ দত্তৰ ৷

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠিল মাছ

ডিব্ৰুগড়, 12 নৱেম্বৰঃ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত কোনো দুষ্টচক্ৰই মিহলাই দিয়ে বিষ ৷ চহৰখনৰ গাতে লাগি থকা গ্ৰেহেমবজাৰ তিনিকোনিয়া ঘাটত নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কোনো দুষ্টচক্ৰই ব্ৰহ্মপুত্ৰৰ পানীত বিষ ঢালি দিয়াৰ ফলত পুৱাৰ ভাগলৈ পানীত উপঙি উঠে বহুসংখ্যক মাছ ৷

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠিল মাছ

নৈৰ পানীত উপঙি উঠা বৰালি, বাহু, ৰৌ, ভকুৱা, কুঢ়ি, বৰিয়লা ইত্যাদি বিভিন্ন সৰু-বৰ মাছ ধৰি নিবলৈ ঘাটত সমাগম হয় বহুসংখ্যক মাছমৰীয়াৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ব্ৰহ্মপুত্ৰৰ বুকু শুকাই যোৱা লগে লগে প্ৰতিবছৰে এটা দুষ্ট চক্ৰই এনেদৰে বিহ দি মাছ নিধন কৰি আহিছে । এইবাৰো অনুৰূপধৰনে পানীত বিহ ঢালি মাছ নিধন কৰে যদিও প্ৰশাসনে কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে । আনহাতে ব্ৰহ্মপুত্ৰৰ বুকুত বিহ ঢালি মাছ নিধন কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী সংগঠন "ইৰাব-কাৰাব"ৰ সঞ্চালক সৌম্যদ্বীপ দত্তই । এনে ভয়ংকৰ কাৰ্যৰ উচিত তদন্ত কৰি এনে কাৰ্য সংঘটিত কৰা দুষ্ট চক্ৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details