অসম

assam

ETV Bharat / state

সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ

ডিব্ৰুগড়ৰ লেজাইৰ দেৱানবাৰীৰ সৌৰভ দাসৰ গৃহত আজি পুৱা প্ৰায় 7:30 বজাতেই উপস্থিত হয় ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝা ।

By

Published : Jun 23, 2020, 11:29 AM IST

সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ
সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ

ডিব্ৰুগড়, 23 জুনঃডিব্ৰুগড়ৰ লেজাইত সংঘটিত সৌৰভ দাস নামৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে মঙলবাৰে পুৱাই চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণৰ চেক লৈ ডিব্ৰুগড় উপায়ুক্ত উপস্থিত হয় সৌৰভৰ বাসগৃহত।

সৌৰভ দাসৰ গৃহত ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা
ডিব্ৰুগড়ৰ লেজাইৰ দেৱানবাৰীৰ সৌৰভ দাসৰ গৃহত আজি পুৱা প্ৰায় 7:30 বজাতেই উপস্থিত হয় ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝা। চৰকাৰীভাৱে আগবাঢ়োৱা 5 লাখ টকাৰ ক্ষতিপূৰণৰ চেক মৃত সৌৰভৰ পৰিয়ালৰ হাতত গতাই দিয়াৰ লগতে উপায়ুক্ত গৰাকীয়ে সৌৰভৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ।
সৌৰভৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ
উল্লেখ্য যে সৌৰভৰ ৰহস্যজনক মৃত্যুৰ পাছতে তদন্তৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলাসহ তিনিজনক। প্ৰথমে ন্যায়িক জিম্মাত থকা তিনিওক 22 জুনৰ বিয়লি আৰক্ষীয়ে 5 দিনৰ বাবে নিজৰ জিম্মাত লৈছে।

ABOUT THE AUTHOR

...view details