ডিব্ৰুগড়, 8 এপ্ৰিল : ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত বৃহস্পতিবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত বসন্ত খাদ্য ও বস্ত্ৰ মেলাৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, নগৰীয়া অভিযান পৰিচালনা শাখা ডিব্ৰুগড়ৰ উদ্যোগত আৰু নগৰীয়া পৰ্যায়ৰ সংস্থা, আঞ্চলিক পৰ্যায়ৰ সংস্থা ও সমূহ আত্মসহায়ক গোটৰ সহযোগত আয়োজন কৰা হয় এই মেলাৰ ৷
ডিব্ৰুগড়ত বসন্ত মেলাৰ উদ্বোধন কৰিলে জিলা উপায়ুক্তই - অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান
ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বসন্ত খাদ্য ও বস্ত্ৰ মেলাৰ আয়োজন ৷ উক্ত মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে ।
ডিব্ৰুগড়ত বসন্ত মেলাৰ উদ্বোধন কৰিলে জিলা উপায়ুক্তই
উল্লেখ্য যে, এই মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে । আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ লগতে বহুকেইগৰাকী আত্মসহায়ক গোটৰ সদস্য-সদস্যা উপস্থিত থাকে। জিলাখনৰ বিভিন্ন ঠাইৰ গোট সমূহে উৎপাদন কৰা বিভিন্ন হস্ত নিৰ্মিত সামগ্ৰীও উপলব্ধ হ'ব এই মেলাত ।
লগতে পঢ়ক: নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ