অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত নিবনুৱা যুৱক যুৱতীক কাৰিকৰী শিক্ষা প্ৰদান - ডিব্ৰুগড়ত নিবনুৱা যুৱক যুৱতীক কাৰিকৰী শিক্ষা প্ৰদান

ছাত্ৰ ছাত্ৰী কৰ্মদক্ষ কৰি গঢ়ি তোলাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিশেষ ভূমিকা গ্ৰহণ ৷ DAY-NULM ৰ অধীনত জিলাখনৰ নিবনুৱা যুৱক যুৱতীৰ লগতে ছাত্ৰ ছাত্ৰীক কাৰিকৰী প্ৰশিক্ষণ প্ৰদান ৷

day nulm training at dibrugarh
ছাত্ৰ ছাত্ৰী কৰ্মদক্ষ কৰি গঢ়ি তোলাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিশেষ ভূমিকা

By

Published : Dec 13, 2020, 10:06 AM IST

মৰাণ, 13 ডিচেম্বৰ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনী ফলপ্ৰসূ কৰি নিবনুৱা যুৱক যুৱতীৰ লগতে ছাত্ৰ ছাত্ৰীক কৰ্মদক্ষ কৰি গঢ়ি তোলাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ৷ ছাত্ৰ ছাত্ৰী সকলক অধিক কৰ্মদক্ষ কৰি তোলাৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড় জিলা প্ৰশাসনে কাৰিকৰী শিক্ষা প্ৰদানৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

প্ৰথম অৱস্থাত 60 গৰাকী যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে

জানিব পৰা মতে জিলা প্ৰশাসনে DAY-NULM ৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত অশ্বি দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰত যুৱক-যুৱতী সকলক মোবাইল ৰিপেয়াৰিঙ প্ৰেক্টিকেল স্কীল আৰু কম্পিউটাৰ হাৰ্ডৱেৰ ৰিপেয়াৰিঙৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰিছে ৷ উক্ত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰথম অৱস্থাত 60 গৰাকী নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক:ডিব্ৰুগড়ত বাধাগ্ৰস্ত লোকৰ বাবে স্ক্ৰীণিং শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

...view details