অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ - ডিব্ৰুগড়

ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত ছেমছ ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থাৰ দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ ৷ স্ব-নিয়োগৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত দুটা গোটত 60 গৰাকী যুৱক-যুৱতীক লেৱ টেকনিশ্বিয়ানৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰে সংস্থাটোৱে ৷

DAY-NULM Dibrugarh has started in Dibrugarh
ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ

By

Published : Oct 29, 2020, 9:28 AM IST

মৰাণ,29 অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ শিক্ষিত নিবনুৱা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গৃহীত কৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰৰ নিৰ্দেশানুসাৰে ডিব্ৰুগড় জিলা প্ৰশাসনেও জিলাখনত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে ।

ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰম্ভ

দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, ডিব্ৰুগড়ে নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ লক্ষ্যৰে হাতত লোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ছেমছ ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থাই ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত দুটা গোটত 60 গৰাকী যুৱক-যুৱতীক লেব টেকনিশ্বিয়ানৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰে ৷

আনহাতে,স্ব-নিয়োগৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত যুৱক-যুৱতীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, ডিব্ৰুগড়ৰ অধীনত আৰম্ভ কৰা এই প্ৰশিক্ষণৰ পাচত প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলক বিভিন্ন প্ৰতিষ্ঠানত নিয়োগ কৰাৰ দিশতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

লগতে পঢ়ক :মাজুলীৰ কৰ্কট ৰোগী ৰুণু বৰাক সহায়ৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details